Monday, October 3, 2022
HomeNewsইংলেণ্ডক বিশ্বকাপ জয় কৰোৱা প্ৰশিক্ষক হ'ব আই পি এলৰ লক্ষ্ণৌ দলটোৰ মুখ্য...

ইংলেণ্ডক বিশ্বকাপ জয় কৰোৱা প্ৰশিক্ষক হ’ব আই পি এলৰ লক্ষ্ণৌ দলটোৰ মুখ্য প্ৰশিক্ষক

অলিম্পিয়াৰ প্ৰতিবেদন

আই পি এলৰ নতুন ফ্ৰেঞ্চাইজি লক্ষ্ণৌৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হ’ল জিম্বাৱেৰ প্ৰাক্তন অধিনায়ক এণ্ডি ফ্লাৱাৰক। ২০২২ আই পি এলত আত্মপ্ৰকাশ কৰিব লগীয় লক্ষ্ণৌ দলটোৰ অৱশ্যে নাম কি হ’ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই।ফ্লাৱাৰে যোৱা দুটা চিজন পঞ্জাৱ কিংছৰ সহকাৰী প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছিল। ইফালে পঞ্জাৱ দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰা কে এল ৰাহুলেও এই লক্ষ্ণৌ দলটোতেই যোগদান কৰাৰ সম্ভাৱনা আছে। লক্ষ্ণৌৱে ৰাহুলক নিজৰ দললৈ আনি অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ কথা চিন্তা কৰিছে।

এক বিবৃতিৰ জৰিয়তে ফ্লাৱাৰে কয়, “মই নতুন লক্ষ্ণৌ ফ্ৰেঞ্চাইজিত যোগদান কৰিবলৈ পাই অতি উৎসাহিত আৰু এই সুযোগ দিয়াৰ বাবে মই অত্যন্ত কৃতজ্ঞ। ১৯৯৩ চনত মোৰ প্ৰথম ভাৰত ভ্ৰমণৰ পিছত মই সদায় ভাৰত ভ্ৰমণ কৰা, ভাৰতত খেলা আৰু প্ৰশিক্ষণ দিয়াটো পচন্দ কৰি আহিছো। তেওঁ কয়, “ভাৰতত ক্ৰিকেটৰ প্ৰতি থকা আগ্ৰহ অতুলনীয় আৰু আই পি এল ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিয়াটো এটা ডাঙৰ সন্মান। মই গোয়েঙ্কা আৰু লক্ষ্ণৌ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।”

উল্লেখ্য যে জিম্বাবোৱেৰ এইগৰাকী কিংবদন্তী ক্ৰিকেটাৰ ইংলেণ্ডৰ ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ প্ৰশিক্ষণতে ইংলেণ্ডে ২০১০ চনত টি-২০ বিশ্বকাপ জয় কৰিছিল আৰু টেষ্ট ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। আই পি এলৰ লক্ষ্ণৌৰ নতুন ফ্ৰেঞ্চাইজি গোয়েঙ্কাৰ নেতৃত্বত আৰপি-এছজি গোটে৭০৯০ কোটি টকাত ক্ৰয় কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments