Monday, October 3, 2022
HomeNewsএসময়ৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ:আজি অভাৱৰ বাবেই আশ্ৰয় লৈছে আনৰ ঘৰত

এসময়ৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ:আজি অভাৱৰ বাবেই আশ্ৰয় লৈছে আনৰ ঘৰত

ডিব্ৰুগড়ৰ গৰুধৰিয়া গাঁৱৰ এগৰাকী যুৱতী। নাম অঞ্জনা শইকীয়া। সৰুৰে পৰা ফুটবলটো আপোন আছিল তাইৰ। ফুটবলক লৈ সপোন দেখা সেই অঞ্জনা এসময়ত গৰুধৰিয়াৰ পৰা ওলাই গৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো উজলি উঠিছিল। আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলত দেশক প্ৰতিনিধিত্ব কৰিছিল অঞ্জনাই। ভাৰতীয় জাতীয় দলৰ এগৰাকী অন্যতম সদস্যা হৈ পৰিছিল ডিব্ৰুগড়ৰ অঞ্জনা। দৰিদ্ৰতাই গ্ৰাস কৰা এটা পৰিয়ালৰ পৰা গৈ এনেদৰে দেশে বিদেশে খেলিবলৈ যোৱাটো সহজ নাছিল যদিও পিতৃৰ প্ৰেৰণাতে আগবাঢ়ি গৈছিল অঞ্জনা।

ফটোৰ উৎস: নিউজ১৮ অসম(নৰ্থ ইষ্ট)

২০১৪ চনত এছ এ এফ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল অঞ্জনাই। ভাৰতীয় জাতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি পাকিস্তানত খিতাপ দখল কৰিছিল অঞ্জনাই। ন বাৰকৈ অসমৰ মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰা অঞ্জনাই লাভ কৰিছে বহু বঁটা বাহনো। তথাপি অঞ্জনাই আজিও পাৰ কৰিব লগা হৈছে দৰিদ্ৰতাৰ এক দুৰ্বিষহ জীৱন। আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ গৰাকীয়ে বৰ্তমান আশ্ৰয় ল’ব লগা হৈছে আন এখন ঘৰত। যোৰহাটৰ কাকজনৰ পাম কুকুৰা চোৱা ৰবীন বৰা নামৰ ব্যক্তিগৰাকীৰ ঘৰত অঞ্জনাই আশ্ৰয় লৈ আছে ২০১১ চনৰ পৰাই। তাতেই নিজৰ ঘৰৰ দৰে থাকি ফুটবলৰ অনুশীলনো চলাই গৈছে অঞ্জনাই। বৰ্তমান তাই স্থানীয় বিভিন্ন দলৰ হৈ খেলি যিকেইটা টকা উপাৰ্জন কৰে তাৰেই ঘৰৰ অভাৱ পূৰণ কৰাত ব্যস্ত। যি সময়ত মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন নতুনকৈ উজীৱিত হৈ পৰিছে সেই সময়তে প্ৰতিভাৱান খেলুৱৈৰ এনে এক ছবিয়ে বেলেগ বাৰ্তাহে বহন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments