Friday, September 30, 2022
HomeNewsগুৱাহাটীত ভাৰতীয় অলিম্পিক সস্থাৰ সভা; বাৰ্ষিক সভাৰ লগত লগতে হ'ব নিৰ্বাচন

গুৱাহাটীত ভাৰতীয় অলিম্পিক সস্থাৰ সভা; বাৰ্ষিক সভাৰ লগত লগতে হ’ব নিৰ্বাচন

অলিম্পিয়া প্রতিবেদন

অহা ১৯ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সস্থাৰ বাৰ্ষিক নিৰ্বাচনী সভা । এই সভাতেই পৰবৰ্তী কাৰ্যকালৰ বাবে বিষয়ববীয়া সকলক নিৰ্বাচন কৰা হ’ব। শুক্ৰবাৰে এই কথা সংবাদমেল যোগে ঘোষণা কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে । গুৱাহাটীৰ অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত সংবাদ মেলত উপস্থিত থাকে সন্হাৰ কোষাধ্যক্ষ তপন দাস, উপ সভাপতি বিষ্ণুৰাম নুনিছা, হেমন্ত কলিতা, ভৱজ্যোতি গোস্বামী, ৰাজ কাকতি, কল্যাণ গগৈ, প্ৰণয় বৰদলৈ আদি ।

উল্লেখযোগ্য যে, প্ৰথমে ভাৰতীয় অলিম্পিক সন্হাৰ বাৰ্ষিক নিৰ্বাচনী সভাৰ স্থান ৰূপে হাৰিয়ানাৰ গুৰগাওঁ আৰু নতুন দিল্লীৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও বিগত কিছুবছৰ ধৰি অসমত বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে গুৱাহাটীক সভাৰ স্থান ৰূপে ঘোষণা কৰা হ’ল।

১৯ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেশৰ ৪০ টাৰো অধিক ক্ৰীড়া ফেডাৰেচনৰ ২০০ ৰো অধিক প্ৰতিনিধি উপস্থিত থাকিব । সকলো প্ৰতিনিধি ১৮ ডিচেম্বৰৰ ভিতৰত আহি গুৱাহাটীৰ হোটেল তাজ ভিভান্টা আৰু নভোটেলত বাহৰ পাতিব । একাংশ প্ৰতিনিধিয়ে ৩/৪ দিন পূৰ্বে আহি অসম তথা উত্তৰ পূবৰ কিছু পৰ্যটন স্থলীলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । এই সভাত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পৰ্যবেক্ষকৰ লগতে নীতা আম্বানি , অঞ্জু ববী জৰ্জ দৰে বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

সভাৰ আৰম্ভণিতে প্ৰায় ১ ঘণ্টা সময় উদ্বোধনী অনুষ্ঠানত অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। সিদিনা দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান চলিব। অহা ১০ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচনৰ বাবে বৈধ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব । ইতিমধ্যে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কলিতাৰ নেতৃত্বত এক আয়োজক কমিটী গঠন কৰা হৈছে। অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা সম্পাদক লক্ষ্য কোঁৱৰ আৰু কোষাধ্যক্ষ তপন দাসে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

বিভিন্ন ক্ৰীড়া ফেডাৰেচনৰ তৰফৰ পৰা বক্সিঙৰ হেমন্ত কলিতা, ভাৰোত্তোলনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ,ব’ট ৰেচিং এণ্ড ৰইং সন্থাৰ নবাব উদ্দিন আহমেদও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ২০০৭ চনত গুৱাহাটীত ভাৰতীয় অলিম্পিক সস্থাৰ এখন সভা অনুষ্ঠিত হৈছিল যদিও সন্হাৰ নিৰ্বাচনী বাৰ্ষিক সভা প্ৰথমবাৰলৈ উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব বুলি জনাইছে লক্ষ্য কোঁৱৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments