অলিম্পিয়া প্রতিবেদন
অলিম্পিকলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত। আৰু কেইটামান মুহুৰ্তৰ পিছতেই আৰম্ভ হ’ব দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ বুলি জনাজাত বিশ্ব ক্ৰীড়াৰ বৃহৎ টুৰ্ণামেণ্টখন। অলিম্পিক মানেই এক বৰ্ণিল অভিজ্ঞতা, বিচিত্ৰ কথাৰ মহলা। শেহতীয়াকৈ টকিঅ’ অলিম্পিকৰ সৈতে জড়িত এটা বিশেষ কথাইহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দৰ্শকৰ লগতে খেলুৱৈসকলৰ মাজতো চৰ্চিত হৈ পৰিছে এই বিশেষ বিষয়টো। চর্চা লাভ কৰা এই বিষয়টো হৈছে অলিম্পিকৰ এন্টি ছেক্স বেড পলিচী। হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ অলিম্পিকৰ আয়োজক মণ্ডলীয়ে খেলুৱৈসকলৰ মাজত যাতে কোনোধৰণৰ যৌনতাসূচক সম্পৰ্ক গঢ় লৈ উঠিব নোৱাৰে সেই সম্পৰ্কে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপৰ। তাৰ বাবে আয়োজক কৰ্তৃপক্ষই খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ বিচনাৰ। কাপবোৰ্ডৰ তেনে বিচনা একোখনৰ ক্ষমতা ২০০ কেজি ওজন ধৰি ৰখাৰ। ২০০ কেজিতকৈ অধিক ওজন অথবা বৰকৈ লৰ-বগৰ হ’লেই এই বিচনা ভাঙি পৰাৰ সম্ভাৱনা আছে। মূলতঃ কৰ’নাকালীন এই পৰিৱেশত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে।
উল্লেখযোগ্য যে অলিম্পিক বুলিলেই খেলৰ লগতে প্ৰায়েই আলোচনা হয় যৌন সম্ভোগৰ কথাও। আশীৰ দশকত অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে যৌনতাই চর্চা লাভ কৰিছিল। তাৰ পিছৰে পৰা অলিম্পিকৰ আয়োজকমণ্ডলীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে। তেতিয়াৰে পৰা প্ৰত্যেক অলিম্পিকতে খেলুৱৈসকলৰ বাবে কণ্ডম আদিৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।