Tuesday, July 5, 2022
HomeNewsৰোনাল্ডোক প্ৰশংসা গ্ৰিজমেনৰ

ৰোনাল্ডোক প্ৰশংসা গ্ৰিজমেনৰ

চলিত ইউৰো কাপৰ প্ৰতিখন মেচেই আকৰ্ষনীয়৷ শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ বাবে তুমুল যুদ্ধত অৱতীৰ্ণ হৈছে বিশ্ব ফুটবলৰ বচা বচা সৈনিক৷ বৰ্তমান প্ৰতিযোগিতাৰ গ্ৰnপৰ খেল সমূহ অন্তিম পৰ্যায়ত৷ ফ্ৰান্স, জাৰ্মানি, হাংগেৰি আৰু পৰ্তুগাল আছে একেটা গ্ৰnপতে৷ এই গ্ৰnপক  ইউৰোৰ সকলোতকৈ আকৰ্ষণীয় বুলি কোৱা হৈছে৷ গ্ৰnপৰ কোনো এটা দলেই এতিয়ালৈ স্থান নিশ্চিত কৰিব পৰা নাই পৰৱৰ্তী পৰ্যায়ত৷ অৱশ্যে প্ৰতিটো দলৰ বাবেই খোলা আছে অন্তিম ষোল্লত স্থান নিশ্চিত কৰাৰ সুযোগ৷ অহা বৃহস্পতি বাৰে এক গুৰুত্বপূৰ্ণ মেচত ফ্ৰান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পৰ্তুগাল৷ খেলখন ড্ৰ কৰিব পাৰিলেও ফ্ৰান্সে পাব পৰৱৰ্তী পৰ্যায়ত খেলাৰ সুযোগ৷ কিন্তু ৰনাল্ডো বাহিনীয়ে অপেক্ষা কৰিব লাগিব জাৰ্মানি- হাংগেৰিৰ মেচখনৰ ফলাফলৰ কাৰণে৷ এই গুৰুত্বপূৰ্ণ সময়ত সাধাৰণতে প্ৰতিপক্ষৰ খেলুৱৈক সমালোচনা কৰি মানসিকভাৱে আগুৱাই থকাৰ প্ৰচেষ্ঠাত থাকে খেলুৱৈ, প্ৰশিক্ষকসকল৷ কিন্তু ফ্ৰান্সৰ এন্ট’ইনে গ্ৰিজমেনক এই ক্ষেত্ৰত কিছু পৃথক দেখা গৈছে৷ প্ৰতিপক্ষৰ তাৰকা পৰ্তুগালৰ ক্ৰিষ্টেয়ানো ৰোনাল্ডোক প্ৰশংসাৰে উপচাই পেলাইছিল গ্ৰিজমেনে৷ আচলতে ৰোনাল্ডোৰ একান্তই ভক্ত গ্ৰিজমেন৷ তাৰ কাৰণ আছে৷ ‘‘৩৪ বছৰ বয়সত ক্ৰিষ্টেয়ানো ৰোনাল্ডোয়ে যি দৰে খেলি গৈছে সেয়া অসাধাৰণ৷ মেছিৰ বাহিৰে ৰোনাল্ডোৰ সমকক্ষ এই মূহুৰ্তত কোনোৱে নাই৷ তেওঁলোকৰ সৈতে খেলপথাৰত খেলাৰ সুযোগ লাভ কৰাটো সোভাগ্যৰ কথা৷ ৰোনাল্ডো এজন পৰিপূৰ্ণ ফুটবলাৰ৷ প্ৰতিজন তৰুণ ফুটবলাৰ পথপদশ:্ক তেওঁ৷ সকলোৰে অনুপ্ৰেৰণাৰ উৎস-’’ গ্ৰিজমেনে এইদৰে কয় সংবাদ মাধ্যমক৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments