Wednesday, July 6, 2022
HomeNewsকোভিড ১৯: বিভিন্নজনৰ সহযোগত অসম অলিম্পিক সন্থাই আগবঢ়ালে ১১ লক্ষাধিক টকাৰ সাহাৰ্য্য

কোভিড ১৯: বিভিন্নজনৰ সহযোগত অসম অলিম্পিক সন্থাই আগবঢ়ালে ১১ লক্ষাধিক টকাৰ সাহাৰ্য্য

অলিম্পিয়া বাৰ্তা

বিশ্বজুৰি চলি থকা কোভিড বিৰোধী যুঁজখনলৈ বিভিন্নজনে বিভিন্নধৰণে সহায়ৰ হাত আগবঢ়াইছে। বিপদৰ এই সময়ছোৱাত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্য পুঁজিলৈ বহুজনে নিজ সামৰ্থ অনুসৰি সাহাৰ্য্য আগবঢ়াই কোভিড বিৰুদ্ধে চলা যুঁজখনৰ সমভাগী হৈছে।

অসম অলিম্পিক সন্থায়ো কেইদিনামন আগতে ৰাজ্যৰ ক্ৰীড়া সংগঠন তথা ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত লোকসকললৈ স্ব ইচ্ছাই সাহাৰ্য্য আগবঢ়োৱাৰ বাবে আৱেদন জনাইছিল। অসম অলিম্পিক সন্থাৰ সেই আৱেদনৰ প্ৰতি সঁহাৰি জনাই অসমৰ বহুকেইটা ক্ৰীড়া সংগঠনৰ লগতে বহুকেইজন ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদে নগদ ধনৰ সাহাৰ্য্য আগবঢ়ায়। এনেদৰেই অসম অলিম্পিক সন্থাই সংগ্ৰহ কৰে ১১ লাখ ৯ হাজাৰ ২ টকা। মঙ্গলবাৰে জমা হোৱা ধনৰাশিৰ এখন চেক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ সহিতে অন্যান্য বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।


এই সাহাৰ্য্যৰ অন্তৰ্গত অসম অলিম্পিক সন্থাই সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ২৫ খন জিলা ক্ৰীড়া সন্থা আৰু ৩৪ টাকৈ ৰাজ্যিক ক্ৰীড়া সন্থাৰ পৰা ১০,০০০ টকাকৈ অনুদান লাভ কৰে। তাৰোপৰি অসম এথলেটিকছ সন্থাই আগবঢ়ায় ১,৫২,০০০ টকা। অসম শ্বুটিং এণ্ড ৰাইফলছ এছ’চিয়েচনে ৫১,০০০ টকা আগবঢ়োৱাৰ বিপৰীতে আই টি এফ টাং ছ্যু ডু স্পৰ্টছ এছ’চিয়েচনেও আগবঢ়ায় ১৫,০০০ টকা। ইয়াৰ উপৰিও ব্যক্তিগত পৰ্যায়ত অসম ৰাইফল এণ্ড শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতা, প্ৰাক্তন খেলুৱৈ পৰাগ চুতীয়া, অসম এমেছাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা, প্ৰভা মহন্ত কলিতাকে ধৰি প্ৰত্যেকেই ৫০,০০০ টকাকৈ আগবঢ়ায়। সন্থাটোলৈ প্ৰকাশ ছেত্ৰীয়ে আগবঢ়ায় ২১,০০০ টকাৰ অনুদান। ইয়াৰ লগতে অসমৰ সম্ভৱনাপূৰ্ণ খেলুৱৈ শিৱাংগী শৰ্মা, উপাশা তালুলদাৰ, জ্যোতিৰ্মান বৰা আৰু টানিয়া চৌধুৰীয়ে ১০,০০০ টকাকৈ সাহাৰ্য্য আগবঢ়াই অসম অলিম্পিক সন্থাৰ এই মহৎ প্ৰচেষ্টাত চামিল হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments