Monday, October 3, 2022
HomeNewsসকলো ঠিকে থাকিলে টকিঅ' অলিম্পিকত পুনৰবাৰ দেশক প্ৰতিনিধিত্ব কৰিব জয়ন্ত তালুকদাৰে

সকলো ঠিকে থাকিলে টকিঅ’ অলিম্পিকত পুনৰবাৰ দেশক প্ৰতিনিধিত্ব কৰিব জয়ন্ত তালুকদাৰে

olympiasports.in

টকিঅ’ অলিম্পিকত ভাৰতক পুনৰ বাৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাৰ পথত আছিল অৰ্জুন জয়ন্ত তালুকদাৰ। বিশ্ব চেম্পিয়ন তথা পূৰ্বৰ অলিম্পিয়ান আৰ্চাৰ জয়ন্ত তালুকদাৰ গ্ৰীষ্মকালীন টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছিল‌। কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে সেই সুযোগ লাভ কৰাৰ ক্ষেত্ৰত পৰবৰ্তী সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব আৰ্চাৰগৰাকী। এই কথা জয়ন্ত‌ই নিজেই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। ৰাজ্যৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ‘দ্যা আসাম ট্ৰিবিউন’ গোষ্ঠীৰ সংবাদ পত্ৰ ‘দৈনিক অসম’ৰ আগত জয়ন্ত‌ই কয় যে ‘ টকিঅ’ অলিম্পিকৰ বাবে ৰিকাৰ্ভ ইভেণ্টত আমাৰ আঠজনীয়া সম্ভাব্য দল এটা বাচনি কৰা হৈছিল। মোৰ লগত অতনু দাস, তৰুণদীপ ৰায়, ধীৰাজ দেৱগৌড়া, সুখমণি বাবৰেকাৰ, কপিল আৰু আৰ্মীৰ দুজন খেলুৱৈ আছিল এই তালিকাত। কিন্তু ক’ৰনা ভাইৰাছৰ বাবে টকিঅ’ অলিম্পিক এবছৰলৈ পিছুৱাই যোৱাত গোটেই কথাখিনি সলনি হ’ব এতিয়া। চূড়ান্ত পৰ্যায়ৰ বাছনিৰ বাবে থকা আঠজন খেলুৱৈৰ ভিতৰত মোৰ ৰেংকিং আছিল তিনি নম্বৰত।গতিকে এইবাৰ পূৰ্ণমাত্ৰাই সুযোগ আছিল। কিন্তু অলিম্পিক এবছৰলৈ পিছুৱাই দিয়াত আকৌ নতুনকৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থাকিব। হয়তো এতিয়াৰ আঠজনৰ লগতে আৰু ১২ জনক বাছনি কৰি মুঠ ২০ জনৰপৰা অলিম্পিকলৈ মূল দলটো গঠন কৰা হ’ব পাৰে। অৱশ্যে এই সকলো কথা সম্ভাৱনাৰ ওপৰতহে মই কৈছোঁ।’ এইদৰে কয় জয়ন্ত তালুকদাৰে।

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে সমগ্র দেশ লকডাউনৰ কবলত থকাৰ বাবে বৰ্তমান জামছেদপুৰতে আৱদ্ধ হৈ আছে আৰ্চাৰ গৰাকী। লকডাউনৰ এই সময়ছোৱাত অনুশীলন কৰিব নোৱাৰাৰ বাবে এতিয়া জয়ন্ত‌ই ‘শ্বুট’ কৰিব পৰা নাই। অৱশ্যে ঘৰতে ধনুৰ গুণডাল টানি অভ্যাস কৰি আছে। ইয়াৰ উপৰিও নিজৰ শৰীৰৰ সুস্থ ৰাখিবলৈ বিভিন্ন শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে।

ভৱিষ্যত পৰিকল্পনা হিচাপে জয়ন্ত তালুকদাৰে গুৱাহাটীত এটা আৰ্চাৰীৰ একাডেমী স্থাপন কৰাৰ সপোন মনতে পুহি ৰাখিছে। এই সম্পৰ্কে ইতিমধ্যে জয়ন্ত‌ই অসম চৰকাৰৰ লগত প্ৰাৰম্ভিক কথা-বতৰাও পাতিছে। চৰকাৰে তেওঁৰ এই পৰিকল্পনাত ইতিবাচক সহাৰি দিব বুলি জয়ন্ত‌ই আশা কৰিছে। জয়ন্ত‌ই জনোৱা অনুসৰি তেওঁ বৰ্তমান নিজে অনুশীলন কৰাৰ উপৰিও নতুন খেলুৱৈক প্ৰশিক্ষণো প্ৰদান কৰি আহিছে। জামছেদপুৰতে আৰ্চাৰী একাডেমীৰ আৰ্হিত অসমৰ গুৱাহাটীত এটা আৰ্চাৰীৰ একাডেমী স্থাপন কৰিবলৈ মন মেলা জয়ন্য‌ই অৱশ্যে সঠিক পৰিকল্পনাৰ জৰিয়তেহে আগবাঢ়িব বিচাৰিছে।

উল্লেখ্য যে বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত জয়ন্ত‌ই চেম্পিয়নৰ খিতাপ দখল কৰাৰ লগতে ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। শেহতীয়াকৈ তেওঁ ২০১৯ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত আৰ্চাৰীৰ ৰিকাৰ্ভৰ দলীয় শাখাত অন্তিমটো ব্ৰঞ্জৰ পদক দখল কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments