অলিম্পিয়া প্ৰতিবেদন
আঠ বছৰ ধৰি নিলম্বিত হৈ থকাৰ পিছত বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ভাৰতীয় আৰ্চাৰী সন্থাক নেচনেল স্পৰ্টছ ফেডাৰেচন হিচাবে পুনৰ স্বীকৃতি প্ৰদান কৰে। সন্থাৰ নতুন কমিটিৰ বিভিন্ন পদৰ বাবে ২০২০ৰ ১৮ জানুৱাৰীত অনুষ্ঠিত নিৰ্বাচনকো কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বৈধ ঘোষণা কৰে।
মন্ত্ৰণালয়ে অৰ্জুন মুণ্ডাক সভাপতি, প্ৰমোদ চন্দ’ৰকৰক সম্পাদক ৰাজেন্দ্ৰ সিং তোমৰক কোষাধ্যক্ষ হিচাবে লৈ গঠিত নতুন কমিটীখনক চাৰি বছৰৰ বাবে বৈধ ঘোষণা কৰে। তাৰ বিপৰীতে এবছৰৰ বাবে স্বীকৃতি প্ৰদান কৰে ভাৰতীয় আৰ্চাৰী সন্থাক।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বহুকেইটা ধাৰাৰ অধীনত নৱ গঠিত কমিটীখনক চলাৰ পৰামৰ্শ প্ৰদান কৰিছে। তাৰ হেৰফেৰ হ’লে পুনৰ নিলম্বনৰ সন্মুখীন হ’ব লাগিব সংগঠনটো।
উল্লেখযোগ্য যে দ্য ৱৰ্ল্ড আৰ্চাৰী আৰু ভাৰতীয় অলিম্পিক সন্থাই ইতিমধ্যেই সন্থাটোৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিছে।