Monday, October 3, 2022
HomeNewsপতি পত্নী একেলগে অলিম্পিকলৈ : অপেক্ষাৰে ৰৈ আছে টকিঅ' অলিম্পিক অনুষ্ঠিত হোৱালৈ

পতি পত্নী একেলগে অলিম্পিকলৈ : অপেক্ষাৰে ৰৈ আছে টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱালৈ

ভাৰতৰ আৰ্চাৰীক্ষেত্ৰৰ দুই তাৰকা আৰ্চাৰ দীপিকা কুমাৰী আৰু অতনু দাসৰ প্ৰেম কাহিনীৰ কথা সকলো ক্ৰীড়াপ্ৰেমীৰে জ্ঞাত। দুয়োগৰাকীয়ে তেওঁলোকৰ প্ৰেমক অন্য এক মাত্ৰা দিবলৈও মন স্থিৰ কৰিছিল। সেয়ে সামাজিকভাৱে দুয়োগৰাকীয়ে আঙুঠি পিন্ধোৱাৰ জৰিয়তে সম্পৰ্কক এক শক্তিশালী ৰূপ দিছিল। বৰ্তমান বিবাহপাশত আৱদ্ধ হোৱাৰ মন মেলিছে দুয়োগৰাকীয়ে। অৱশ্যে এই কাৰ্যত ইমান খৰখেদা কৰাৰ ইচ্ছা কাৰোৰে নাছিল। দুয়োজনে আশা কৰিছিল টকিঅ’ অলিম্পিকত অংশ লোৱাৰ পিছতে দুয়োজনে নতুন জীৱনৰ পাতনি মেলিব। কিন্তু এতিয়া সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে এক অনাকাংক্ষিত পৰিস্থিতিৰ সূচনা কৰাত দুয়োৰে পৰিকল্পনাত আউল লাগিল।

“প্ৰথমে আমি কেৱল আগন্তুক অলিম্পিকত মনোনিৱেশ কৰাৰ কথাহে ভাবিছিলো। অলিম্পিক শেষ কৰি আহিহে বিয়াত বহাৰ কথা আছিল।” অতনু দাসে ই এছ পি এনৰ আগত এইদৰে কয়। “কিন্তু অলিম্পিক পিছুওৱাৰ বাবে এতিয়া আমি সেই বিষয়ে পুনৰ বিবেচনা কৰিছো। আমাৰ সম্পৰ্কৰ প্ৰায় দুবছৰ হ’ল। হয়টো কৰ’নাৰ বিভীষিকা অন্ত পৰাৰ পিছত সকলো স্বাভাৱিক অৱস্থালৈ আহিলে এই বছৰতে আমি বিয়াত বহিব পাৰো।” অতনু দাসে কয়। উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ গ্ৰাসত পৰি সমগ্ৰ বিশ্ব এই মুহূৰ্তত বিপদৰ সন্মুখীন হৈছে। প্ৰায় দহ লক্ষাধিক ব্যক্তি ইয়াৰ ফলত আক্ৰান্ত হোৱাৰ লগতে ৫০,০০ ৰো অধিক লোকে এই ভাইৰাছৰ দ্বাৰা প্ৰাণ হেৰুৱাইছে।

অতনু দাস আৰু দীপিকা কুমাৰীয়ে ইতিমধ্যে অলিম্পিকলৈ নিজৰ স্থান সুনিশ্চিত কৰিছে। বিয়াৰ পিছত দুয়োগৰাকীয়ে অলিম্পিকত ভাগ ল’লে এনে অভিজ্ঞতা আহৰণ কৰা তেওঁলোক দ্বিতীয় ক্ৰীড়া দম্পতী হ’ব। ইয়াৰ আগেয়ে ভেইচ পেজ আৰু জেনিফাৰ পেজে এই সন্মান অৰ্জন কৰিছিল। পেজ দম্পতীয়ে ভাৰতীয় বাস্কেটবল দলৰ হৈ ১৯৮২ আৰু ১৯৭২ অলিম্পিকত ভাগ লৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments