অলিম্পিয়া প্ৰতিবেদন
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত শনিবাৰে সামৰণি পৰা দশম সৰ্বভাৰতীয় পুলিচ আৰ্চাৰীত অসমৰ খেলুৱৈয়ে বিশেষ সাফল্য অৰ্জন কৰিছে । যোৱা ৯ নৱেম্বৰত আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত অসম পুলিচ দলৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰে বিনুমা ব্ৰহ্ম, ৰীতা বসুমতাৰী , বিনামনি ৰাভা আৰু অণিমা মাঝিয়ে । এছ এছ বি দলৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈ সকল হল — সৌনসৌৰাং উজিৰ , অৰুণ ৰাজা বড়ো আৰু মনোৰঞ্জন বড়োয়ে। তদুপৰি আই টি বি পিৰ অৰুণ বড়োয়ে চাৰিটা সোণ , এটা ৰূপ ; অসম ৰাইফলছৰ ৰাজেশ নাৰ্জাৰীয়ে ৰূপ , আই টি বি পি ৰ বিনিতা বড়োয়ে ৰূপ , আই টি বি পি ৰ মুকেশ বড়োয়ে সোণ , আই টি বি পি ৰ সোণালী বসুমতাৰীয়ে ৰূপ ,আই টি বি পিৰ নিজুমছা বৰগয়াৰীয়ে এটাকৈ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসম পুলিচৰ আৰ্চাৰী প্ৰশিক্ষক মনোজ পাঠকৰ তথ্যৰ ভিত্তিত এই বাতৰি প্ৰেৰণ কৰিছে অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োয়ে ।