Wednesday, October 5, 2022
HomeNewsফাইনেলত আৰ্জেন্টিনা: জয়ৰ নায়ক মাৰ্টিনেজ

ফাইনেলত আৰ্জেন্টিনা: জয়ৰ নায়ক মাৰ্টিনেজ

অলিম্পিয়া প্রতিবেদন

এক শ্বাসৰুদ্ধকৰ জয়। কোপা আমেৰিকাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাটকীয় জয় আৰ্জেন্টিনাৰ। লিও মেছি নহয়, এই জয়ৰ নায়ক হিচাবে চিহ্নিত হ’ল এমিলিয়ানো মাৰ্টিনেজ। আৰ্জেন্টিনাৰ গ’লপোষ্টৰ বাধা হিচাবে মাৰ্টিনেজ নামৰ দেৱাল পাৰ কৰিব নোৱাৰিলে কলম্বিয়াই। কলম্বিয়াৰ তিনিটা পেনাল্টি শ্বটৰ বাধা হৈ মাৰ্টিনেজেই ফাইনেললৈ তুলি নিলে দলটোক। অথচ আৰ্জেন্টিনাৰ জাৰ্চিত মাৰ্টিনেজ তেনেই নতুন। জাতীয় দললৈ অভিষেক ঘটা বেছি দিন হোৱাই নাই। হ’লেও আৰ্জেন্টিনাৰ কিম্বদন্তী খেলুৱৈ লিয়নেল মেছিক চেম্পিয়নৰ খিতাপ উপহাৰ দিবলৈ যেন বদ্ধপৰিকৰ মাৰ্টিনেজ। সেয়ে মেচৰ শেষত গ’লকীপাৰগৰাকীয়ে প্ৰত্যয়ৰে ক’লে, “মেছিক বিশ্বকাপ উপহাৰ দিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। মই সকলো কৰিবলৈ প্ৰস্তুত। তেওঁৰ বাবে মই জীৱন দিবলৈয়ো প্ৰস্তুত। “

জয়ৰ নায়ক হৈয়ো আষ্টন ভিলাৰ এই খেলুৱৈগৰাকী যেন খুবেই নিৰ্লিপ্ত। তেওঁৰ মতে টাইব্রেকাৰৰ পেনাল্টি মানেইটো ভাগ্যৰ খেল। সেয়ে চিৰ প্ৰতিদ্বন্দী ব্ৰাজিলৰ বিপক্ষে ফাইনেলত আৰু অধিক সষ্টম থাকিবলৈ অংগীকৰবদ্ধ মাৰ্টিনেজ।

কোপা আমেৰিকাৰ ফাইনেলত ভৰি থৈ ১৯৯৩ চনৰ পিছত কোনো বৃহৎ টুৰ্ণামেণ্টৰ জয়ৰ সপোন দেখিছে আৰ্জেন্টিনাই। মার্টিনেজৰ মতে এইবাৰৰ খিতাপে যেন আৰ্জেন্টিনাৰ বাবেই অপেক্ষা কৰিছে। তেওঁ সেয়ে কৈছে, ” আমাৰ লগত এগৰাকী অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষক আছে, বিশ্বৰ বহু শ্ৰেষ্ঠ খেলুৱৈ আছে। এইবাৰ খিতাপ আমিয়েই জয় কৰিম।”

ফাইনেলত দলতো মুখামুখি হ’ব ব্ৰাজিলৰ সৈতে। মার্টিনেজৰ মতে এই মেচত জয়ী হবলৈ হ’লে দলে তেওঁলোকৰ প্ৰদৰ্শন আৰু অধিক উন্নত কৰিব লাগিব। ব্ৰাজিলৰ মাটিতে ব্ৰাজিলক হৰুৱা ইমান সহজ নহয়। দলে সৰ্বস্ব উজাৰি দিবই লাগিব। কলম্বিয়াৰ সৈতে মেচখনৰ পিছত প্ৰতিপক্ষকো ভূয়সী প্ৰশংসা কৰে মাৰ্টিনেজে। তেওঁৰ মতে কলম্বিয়া যথেষ্ট কঠিন আৰু শক্তিশালী দল। ১-১ গ’লৰ সমতা স্থাপন হোৱাৰ পিছতো আৰ্জেন্টিনাৰ দুটাকৈ সুযোগ নষ্ট কৰিছিল দলটোৱে।

ইপিনে, নায়ক হ’বলৈ যে ভাগ্যৰ সহায় লাগে সেই কথাও ভালকৈয়ে জানে মাৰ্টিনেজে। কলম্বিয়াৰ বিপক্ষে ভাগ্যই তেওঁকেই নায়ক সাঁজিলে। সেই কথা অস্বীকাৰ কৰা নাই তাৰকা গ’লকীপাৰগৰাকীয়ে। সেয়ে তেওঁৰ ভাষ্য, “ই সম্পূৰ্ণ ভাগ্যৰ কথা। ভাগ্যই সকলোকে নায়ক বনায়। আজি মোৰ পাল আছিল নায়ক হোৱাৰ।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments