Sunday, July 3, 2022
HomeNewsবিশ্ব সমাদৃত এগৰাকী অসমীয়া 'অৰ্জুন'

বিশ্ব সমাদৃত এগৰাকী অসমীয়া ‘অৰ্জুন’

olympiasports.in

“Is a star born ? Watch out this Indian talent in coming days ” এজন অসম সন্তানৰ বিষয়ে এইদৰে কোৱা হৈছিল বিশ্ব কাপ আৰ্চাৰীৰ নিজস্ব ৱেবচাইটত।

ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ উদিত তাৰকাজনে এনেদৰেই এসময়ত আন্তৰ্জাতিক ক্ষেত্ৰত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিশ্ব আৰ্চাৰীৰ ৰেংকিঙত এসময়ত শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা এইজন আৰ্চাৰৰ নামত আছে বহুকেইটা অভিলেখ।


অসমৰ নাম বিশ্ব আৰ্চাৰীত প্ৰতিষ্ঠা কৰা এইজন অসম সন্তান হৈ জয়ন্ত তালুকদাৰ। অল্পভাষী, আমায়িক যুৱক জয়ন্ত তালুকদাৰ। গুৱাহাটীত জন্ম লাভ কৰা জয়ন্ত তালুকদাৰে সৰুতেই আৰ্চাৰীৰ প্ৰতি আকৰ্ষিত হৈছিল। ককায়েক নিখিলেশ আছিল এগৰাকী আৰ্চাৰী খেলুৱৈ। কঁকায়েকক দেখিয়েই আৰ্চাৰীৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল জয়ন্তৰ। পুত্ৰৰ ধনু কাঁড়ৰ প্ৰতি আকৰ্ষণ বাঢ়ি অহা দুৰ্বলতা দেখি পিতৃ ৰঞ্জন তালুকদাৰে তেওঁক শ্বিলঙৰ পৰা অনাই দিছিল দুখন ধনু। সেই সাধাৰণ ধনুৰেই আৰম্ভ হৈছিল জয়ন্তৰ অসাধাৰণ আৰ্চাৰী যাত্ৰা। দিছপুৰ বিদ্যালয়ত পঢ়ি থাকোতেই আৰ্চাৰীত পাৰদৰ্শিতা দেখুৱাবলৈ আৰম্ভ কৰে জয়ন্তই। ২০০২ চনত দিল্লীত হোৱা নেচনেল জুনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত দলগতভাৱে ব্ৰঞ্জৰ পদক পোৱা জয়ন্তই হায়দৰাবাদত হোৱা ছিনিয়ৰ নেচনেল গেমছতো দলগতভাৱে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা আৰ্চাৰজনে সেই বছৰে স্থান লাভ কৰিলে জামছেদপুৰ টাটা আৰ্চাৰী একাডেমিত। টাটা একাডেমীত বিদেশী প্ৰশিক্ষকৰে তত্বাৱধানত জয়ন্তৰ প্ৰতিভাই ন ৰূপত উদ্ভাসিত হৈ উঠে।

২০০৩ চনত জামছেদপুৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত খেলুৱৈজনে লাভ কৰিলে দুটাকৈ স্বৰ্ণ পদক। একেটা বছৰতে ২৫ তম নেচনেল জুনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত জয়ন্তই চাৰিটাকৈ স্বৰ্ণ পদক জয়েৰে লাভ কৰিলে বিশেষ সফলতা। জুনিয়ৰ পৰ্য্যায়ত ইতিমধ্যে বিশ্বৰ প্ৰায় নামী দামী বিভিন্ন টুৰ্ণামেণ্টত নিজৰ দপদপনি অব্যাহত ৰাখিবলৈ সক্ষম হোৱা জয়ন্তই ২০০৫ চনত ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ লাভ কৰে। ভাৰতীয় দলৰ হৈ অংশ লোৱা ৱৰ্ল্ড আউটডোৰ টাৰ্গেট আৰ্চাৰী চেম্পিয়নশ্বিপত দলটোৱে লাভ কৰে ৰূপৰ পদক। বিশ্ব আৰ্চাৰীত ভাৰতীয় দলৰ সেয়াই আছিল প্ৰথমটো পদক। নিশ্চতভাৱে ইতিহাসৰ এক অংশ হৈ ৰ’ব অসম সন্তানজনো। দলৰ আন কেইজন খেলুৱৈ আছিল তৰুণদ্বীপ ৰায়, গৌতম সিং আৰু ৰবীন সিং। ইয়াৰ পাছত জয়ন্তলৈ ৰৈ আছিল সফলতাৰ আন এক চূড়ান্ত শিখৰ প্ৰাপ্তিৰ আনন্দই। ২০০৬ চন। সেইবাৰ বিশ্বকাপ আৰ্চাৰী অনুষ্ঠিত হৈছিল ক্ৰুয়েছিয়াত। বিশ্বকাপত সেইবাৰ এইজন অসম সন্তানে ব্যক্তিগত শাখাত জয় কৰিলে স্বৰ্ণ। বিশ্ব চেম্পিয়ন হ’ল অসমৰ জয়ন্ত। সৃষ্টি হ’ল আন এক ইতিহাসৰ। বিশ্বকাপ আৰ্চাৰীত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাবে পৰিগণিত হ’ল তাৰকাজন। ফাইনেলত তেওঁ পৰাস্ত কৰে আটলাণ্টা অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চুইডেনৰ মেগনাজ পেটাৰছনক। ব্যৱধান আছিল ১০৮-১০৫। সেই প্ৰতিযোগিতাত কৰা জয়ন্তৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰে বিশ্বৰ আগশাৰীৰ ক্ৰীড়া বিশ্লেষকৰ। জয়ন্তৰ প্ৰদৰ্শনক উচ্চ প্ৰশংসা কৰি বিশ্ব কাপ আৰ্চাৰীৰ ৱেবচাইটত লিখা হৈছিল এইদৰে- Is a Star born? Watch out this Indian talent in coming days।

বিশ্বকাপ আৰ্চাৰীৰ সংগঠকসকলৰ সেই প্ৰত্যাশাক সঁচা প্ৰমাণিত কৰি অসম সন্তানজনে ইটোৰ পিছত সিটো আন্তৰ্জাতিক টুৰ্ণামেণ্টত নিজৰ ধনুৰ যাদু দেখুৱাই যাবলৈ সক্ষম হয়। ডোহা এছিয়ান গেমছত দলগতভাৱে জয়ন্তই লাভ কৰিলে ব্ৰঞ্জৰ পদক। জয়ন্তই কৰা প্ৰদৰ্শনৰ সুবাদতে বিশ্ব আৰ্চাৰীত এসময়ত তেওঁ শীৰ্ষ স্থানো দখল কৰিবলৈ সক্ষম হয়। দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবেই ভাৰত চৰকাৰে জয়ন্তলৈ আগবঢ়ালে অৰ্জুন বঁটা। সেই সময়ত অৰ্জুন বঁটা লাভ কৰা অসমৰ তৃতীয়জন খেলুৱৈ আছিল জয়ন্ত। দেশৰ ক্ৰীড়া ক্ষেত্ৰত জয়ন্ত তালুকদাৰে দেখুওৱা পাৰদৰ্শিতাই উঠি অহা প্ৰজন্মক নিশ্চয়কৈ বাট দেখুৱাবলৈ সক্ষম হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments