Tuesday, October 4, 2022
HomeNewsনেপালৰ বিৰুদ্ধে জীৱনৰ প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় গ'ল স্কৰ কৰিলে অসমৰ অপূৰ্ণাই

নেপালৰ বিৰুদ্ধে জীৱনৰ প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় গ’ল স্কৰ কৰিলে অসমৰ অপূৰ্ণাই

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনৰ কোকৰাঝাৰৰ শাৰীৰিক শিক্ষা নিৰ্দেশক (পি আই) বীৰেন্দ্ৰ নৰ্জাৰীৰ কন্যা অপূৰ্ণাই জীৱনত প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় গ’ল স্কৰ কৰিলে । মঙ্গলবাৰে জামছেদপুৰৰ জে ডি আৰ টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছিল ছাফ ১৮ বছৰ অনূৰ্ধ ছোৱালী ফুটবল চেম্পিয়নশ্বিপৰ ভাৰত আৰু নেপালৰ মেচখন । নৈশলোকত অনুষ্ঠিত মেচখনত ভাৰতীয় ছোৱালী দলটোৱে প্ৰতিবেশী ৰাষ্ট্ৰ নেপালক ৭-০ গ’লত বিধস্ত কৰে । এইখন মেচতে দ্বিতীয়াৰ্থত খেলপথাৰত নামি ৬৯ মিনিটত অপূৰ্ণা নাৰ্জাৰীয়ে ভাৰতীয় দলৰ হৈ চতুৰ্থটো গ’ল স্কৰ কৰে । এয়া আছিল অপূৰ্ণা নাৰ্জাৰীৰ প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় গ’ল । অপূৰ্ণাই ইয়াৰ পূৰ্বে ঢাকাত ভাৰতীয় মহিলা ১৯ বছৰ অনূৰ্ধ দলৰ হৈ প্ৰথমবাৰলৈ আন্ত:ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল যদিও তেওঁ কোনো গ’ল স্কৰ কৰিব পৰা নাছিল । মঙলবাৰৰ মেচখনত ভাৰতৰ হৈ গ’লকেইটা দিয়ে ক্ৰমে – প্ৰিয়ংকা ছোজেশ (১৫ মিনিট), লিণ্ডা কম (১৭,৩৫), অপূৰ্ণা (৬৯), পূৰ্ণিমা(৭৭), সুনিতা মুণ্ডা(৮৭) আৰু মিতু লিণ্ডাই (৯০) । অপূৰ্ণাই জীৱনত প্ৰথমবাৰলৈ আন্ত:ৰাষ্ট্ৰীয় গ’ল স্কৰ কৰাৰ বাবে অসম ফুটবল সন্থাই অভিনন্দন জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments