অলিম্পিয়াৰ প্ৰতিবেদন
অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চলি থকা এছেজৰ এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৪৬৮ ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই ২৩০/৯ ত দ্বিতীয় ইনিংছ ঘোষণা কৰে। মাৰ্নাছ লাবুছেনে ৫১ আৰু ট্ৰেভিহ হছডেও ৫১ ৰাণ সংগ্ৰহ কৰে। ক্ৰিছ গ্ৰীণ ৩৩ ৰাণত অপৰাজিত থাকে। আনহাতে ইংলেণ্ডৰ হৈ অলি ৰবিনছন, অধিনায়ক জো ৰুট আৰু ডেভিড মালানে ২ টাকৈ উইকেট দখল কৰে।
এডিলেইড টেষ্ট জয় কৰিবলৈ ইংলেণ্ডে ৪৬৮ ৰাণ সংগ্ৰহ কৰিব লাগিব। আকৰ্ষণীয় কথাটো হ’ল যে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ডে কেতিয়াও ইমান বৃহৎ লক্ষ্য অৰ্জন কৰা নাই। ইংলেণ্ডে অনুসৰণ কৰা আটাইতকৈ ডাঙৰ লক্ষ্য আছিল ৩৫৯ ৰাণ। ২০১৯ চনত লিডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই লক্ষ্য অনুসৰণ কৰিছিল। আনহাতে ১৯২৮ চনত ইংলেণ্ডে মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৩২ ৰাণৰ লক্ষ্য সফলতাৰে অনুসৰণ কৰিছিল।
মাৰ্নুছ লাবুছেনে অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত ৯৬ টা বলত ৫১ ৰাণ কৰে। প্ৰথম ইনিংছতো, তেওঁ এক শতকীয় ইনিংছ উপহাৰ দিছিল। তেওঁ প্ৰথম ইনিংছত ১০৩ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে প্ৰথমখন টেষ্টত তেওঁ ৭৪ ৰাণৰ আন এক অৰ্ধশতকীয় ইনিংছ খেলিছিল।