Sunday, October 2, 2022
HomeNewsশিৱসাগৰত আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ

শিৱসাগৰত আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

সমৰকলা প্ৰদৰ্শনত ব্যস্ত এজাক উদীয়মান প্ৰতিভা । শিৱসাগৰত আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ । ২০০ ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ । ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপলৈ খেলুৱৈ বাছনি ।

বিগত ২ আৰু ৩ এপ্ৰিলত শিৱসাগৰ জিলাৰ জয়সাগৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় দ্বিতীয় জিলাভিত্তিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ । আশিহাৰা স্পৰ্টছ কাৰাটে একাডেমীৰ উদ্যোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতা । শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সমাবেশ ঘটিল এই প্ৰতিযোগিতাত । ২০০ ৰো অধিক সমৰকলা খেলুৱৈয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । খেলুৱৈসকলৰ মাজত জিলিকিল বহু উদীয়মান প্ৰতিভা । ইয়াৰে ৩৯ জনে স্বৰ্ণ , ৩৯ জনে ৰূপ আৰু ২৪ জনে অৰ্জন কৰিলে ব্ৰঞ্জৰ পদক ।

উল্লেখযোগ্য যে, অহা জুলাইত অনুষ্ঠিত হ’ব ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ । দেৰগাঁৱৰ পুলিচ টেনিং চেন্টাৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত শিৱসাগৰ জিলাৰ পৰা অংশ ল’ব বাছনি হোৱা ৪০ গৰাকী খেলুৱৈয়ে ।ইতিমধ্যে প্ৰতিজিলাত এই ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে জিলা ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে । আশিহাৰা কাৰাটেৰ প্ৰতি জিলা পৰ্যায়ৰ কমিটিৰ প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈসকলক এই প্ৰতিযোগিতালৈ কৰিছে বাছনি ।

ক্ৰীড়া অনুৰাগীৰ আশা–ৰাজ্যিক আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হৈ উঠক । স্ব-প্ৰতিভাৰে ক্ৰীড়াক্ষেত্রত আগুৱাই যাওক অসমৰ সমৰকলা খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments