olympiasports.in
ৰাজ্যৰ প্ৰতিভাৱন শ্বাটলাৰ অস্মিতা চলিহা। শেহতীয়াকৈ নেপালত অনুষ্ঠিত হোৱা ত্ৰয়োদশ দক্ষিণ এছিয় ক্ৰীড়া সমাৰোহত এইগৰাকী প্ৰতিভাৱান শ্বাটলাৰে স্বৰ্ণপদক জয় কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। দেশৰ বেডমিণ্টন জগতৰ নবতম চাঞ্চল্য হিচাপে পৰিগণিত হোৱা এইগৰাকী অসমীয়া কন্যা এতিয়া অনুশীলন এৰি আছেহি শিৱসাগৰৰ নিজৰ বাসগৃহত।
ক’ৰনা ভাইৰাছৰ সংক্ৰামণ ৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশক ২১ দিন লকডাউন ঘোষণা কৰিছিল। এইসময়চোৱাত স্তব্ধ হৈ পৰিছে সমগ্ৰ ভাৰত। স্তব্ধ হৈ পৰিছে দেশৰ ক্ৰীড়া জগত। এইসময়চোৱাত নাই কোনো ক্ৰীড়া প্ৰতিযোগিতা, হোৱা নাই ক’তো অনুশীলন। সকলো ক্ৰীড়াবিদ বৰ্তমান নিজৰ ঘৰতেই গৃহবন্দী হৈ আছে। সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ বাবে অনুশীলন বন্ধ হৈ যোৱাত অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাও নিজ ঘৰলৈ আহিবলৈ বাধ্য হয়।
এই লকডাউনৰ সময়চোৱাত নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি আপোনাৰো নিশ্চয় আমনি লাগিছে। আপোনাৰ বাৰু জানিবলৈ মন নাযায় নে অসমৰ এই প্ৰতিভাৱান শ্বাটলাৰ গৰাকীয়ে বৰ্তমান ঘৰত কি কৰি সময় অতিবাহিত কৰিছে? অস্মিতাইয়ো বৰ্তমান আপোনাৰ দৰেই সাধাৰণ জীৱন যাপন কৰি আছে। অৱশ্যে তাৰ মাজতেই কৰি গৈছে নিজৰ কৰিবলগীয়া বিভিন্ন শাৰীৰিক কচৰৎ।
শিৱসাগৰৰ মেলাচকৰস্থিত তেওঁৰ বাসগৎহত বৰ্তমান স্কিপিং, চাইক্লিং আৰু দৌৰি নিজৰ ফিটনেচ ধৰি ৰখাৰ উপৰিও গান শুনি, টিভি চাই সময় পাৰ কৰিছে। মাজে মাজে আকৌ মেলি লৈছে ঘৰতেই থকা যিকোনো এখন কিতাপ।
নিজৰ ঘৰৰ চৌহদত নিতৌ পুৱা-গধূলি নিজৰ ফিটনেচ ধৰি ৰখাৰ বাবে বিভিন্ন শাৰিৰীক কচৰৎ কৰাৰ উপৰিও ৰেকট লৈ ৱাল প্ৰেক্টিছ কৰিছে। নিজৰ জিম ট্ৰেইনাৰে দিয়া পৰামৰ্শ অনুসৰি আকৌ অস্মিতাই প্ৰায় ঘণ্টাজুৰি চাইক্লিং, স্কিপিং আদি কৰিছে। নিজৰ কেৰিয়াৰক লৈ সদা সচেতন অস্মিতাই চলিত বছৰতে বিশ্ব ক্ৰমৰ শীৰ্ষ ৫০ টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ উপৰিও ২০২৪ চনৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে।