অলিম্পিয়া প্রতিবেদন
দেশত কোভিড পৰিস্থিতিয়ে ক্ৰমাৎ ভয়ানক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ স্থান সলনি কৰা হৈছে। ভাৰতৰ পৰিৱৰ্তে এতিয়া প্ৰতিযোগিতাখন ডুবাইত অনুষ্ঠিত হব।
ইয়াৰ আগতে দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত ২১ মেৰ পৰা ৩১ মেলৈ অনুষ্ঠিত হোৱাৰ কথা প্ৰতিযোগিতাখন। কিন্তু, বৰ্তমান দিল্লীৰ পৰিস্থিতি কোনো ধৰণৰ খেল পতাৰ অনুকূল নহয়।
“যি সময়ত ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ স্থগিত ৰখা হৈছে, সেই সময়ত বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই এছিয়ান বক্সিং কণফেডাৰেচনৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিযোগিতাখন ডুবাইলৈ স্থানান্তৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।” বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই এটা বিবৃতিত এইদৰে উল্লেখ কৰে। বি এফ আইৰ সভাপতি অজয় সিঙে কয় যে এই সিদ্ধান্ত লোৱাটো কঠিন আছিল যদিও ই এক সময়োচিত সিদ্ধান্ত।