Wednesday, October 5, 2022
HomeNewsঅসম ক্ৰীড়া সাংবাদিক সন্থাৰ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহৰ সফল পৰিসমাপ্তি

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহৰ সফল পৰিসমাপ্তি

হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ফুটবলত ছয়গাঁও প্ৰেছ ক্লাব চেম্পিয়ন

https://olympiasports.in/

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত চলি থকা একাদশ টপচেম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহৰ আজি সফল সমাপ্তি ঘটিছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহখনৰ অন্তিমটো দিনত অনুষ্ঠিত হোৱা হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ছেভেন-এ ছাইড ফুটবলত ছয়গাঁও প্ৰেছ ক্লাবে খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। আজি অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত ছয়গাঁও প্ৰেছ ক্লাবে নিউজ ১৮ দলক ৩-০ গলত পৰাজিত কৰে। চূড়ান্ত খেলখনত ছয়গাঁও প্ৰেছ ক্লাবৰ হৈ সৰ্বেশ্বৰ দাসে দুটা আৰু বিপুল দাসে এটা গল কৰিবলৈ সক্ষম হয়। চূড়ান্ত খেলখনৰ পৰিচালনা কৰে গিতেশ ধৰ আৰু সহ পৰিচালক হিচাপে আছিল মনোজ শৰ্মা, গোবিন্দ কলিতা, নিপন ঠাকুৰীয়া আৰু উৎপল মুছাহাৰী। চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সৰ্বেশ্বৰ দাসে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে নিউজ ১৮ ৰ খেলুৱৈ নিলয় ভট্টাচাৰ্যই।

আজি বিয়লি অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহখনিৰ সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ খিতাপ দখল কৰা খেলুৱৈসকলক ট্ৰফীৰ লগতে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, টপচেমৰ চেলছ এণ্ড মাৰ্কেটিং প্ৰেতিডেণ্ট ড০ অনিল কাপুৰ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীস ৰায়, ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, বিষ্ণুৰাম নুনিছা, জ্যেষ্ঠ সাংবাদিক পবিত্ৰ গগৈ, জয়ন্ত দাস, উমানন্দ জয়ছোৱাল আদিৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments