Friday, September 30, 2022
HomeNewsপাঞ্জাৱৰ পাটিয়ালাত জিলিকিল অসমৰ গাতকা খেলুৱৈ। অসমলৈ কঢ়িয়াই আনিলে ৪ টাকৈ...

পাঞ্জাৱৰ পাটিয়ালাত জিলিকিল অসমৰ গাতকা খেলুৱৈ। অসমলৈ কঢ়িয়াই আনিলে ৪ টাকৈ ব্ৰঞ্জৰ পদক।

অলিম্পিয়া প্ৰতিবেদন

ৰাষ্ট্ৰীয় পৰ্য্যায়ত পুনৰ জিলিকিল অসমৰ খেলুৱৈ ।অসমৰ গাতকা খেলুৱৈয়ে ৪ টাকৈ ব্ৰঞ্জৰ পদক জিনি অসমলৈ কঢ়িয়াই আনিছে সুনাম।খেলো ইণ্ডিয়াত অসমৰ গাতকা খেলুৱৈৰ অংশগ্ৰহণৰ সম্ভাৱনা ।
গাতকা এক সমৰকলা।শিখসকলৰ এক পুৰণি পৰম্পৰাগত খেল এই গাতকা।শেহতীয়াকৈ খেল ইণ্ডিয়াৰ যুৱক্ৰীড়াতো অন্তৰ্ভুক্ত হৈছে এই গাতকা।


বিগত ১ ৰ পৰা ৩ অক্টোবৰলৈ পাঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হৈছিল পঞ্চম সংখ্যক “ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চিনিয়ৰ গাতকা চেম্পিয়নশ্বিপ “।অসমৰ পৰা এই প্ৰতিযোগিতাত অংশ লবলৈ গৈছিল ১৮জনীয়া এটা গাতকা খেলুৱৈৰ দল।উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, নাগালেণ্ড, ত্রিপুৰা, অসমকে ধৰি দেশৰ ২১ খন ৰাজ্যই অংশ লৈছিল এই বৃহৎ প্ৰতিযোগিতাত।অসমৰ দলটোৱে পাঞ্জাৱত দাঙি ধৰিলে উন্নত প্ৰৰ্দশন । ৪ টাকৈ ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
পদকপ্ৰাপ্ত খেলুৱৈসকলক ভিতৰত আছে গুৱাহাটীৰ ছাৰফাৰাছ আলি, দিপা ৰংপি, আফ্ৰিনা চুলতানা আহমেদ আৰু মৰিগাঁওৰ চিন্তামণি পাটৰ।এই দলটোত আছিল গাতকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক পাপু খান, জিন্টু কুমাৰ বৈশ্য আৰু হীৰক দাস।


উল্লেখযোগ্য যে গাতকা এচচিয়েচন অৱ আসামৰ উদ্যোগত পাঞ্জাৱলৈ গৈছিল এই দলটো।আশাৰ খবৰটো এইয়াই যে এই খেলত পদক জয়ৰ পাছতেই ১৮ ৰ অনুৰ্ধৰ অসমৰ তিনিগৰাকী গাতকা খেলুৱৈৰ খেলো ইণ্ডিয়ালৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিল।অতি শীঘ্ৰে গাতকা ফেডাৰেচন অৱ ইণ্ডিয়াই গুৱাহাটীত খেলো ইণ্ডিয়াৰ বাবে কৰিব চূড়ান্ত বাছনি ।এতিয়া ক্ৰীড়া প্ৰেমী ৰাইজে আশা কৰিব, খেলো ইণ্ডিয়ালৈ নিৰ্বাচিত খেলুৱৈয়ে ২০২২ৰ যুৱক্ৰীড়াত দাঙি ধৰিব উন্নত প্ৰৰ্দশন ।ক্ৰীড়াৰ পৃথিৱীত এইসকল উদিত খেলুৱৈয়ে অসম তথা ভাৰতলৈ কঢ়িয়াই আনক সুনাম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments