Sunday, October 2, 2022
HomeNewsলাভলীনাৰ পদাংক অনুসৰণ কৰিয়েই আৰু অধিক অসমীয়া বক্সাৰ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি...

লাভলীনাৰ পদাংক অনুসৰণ কৰিয়েই আৰু অধিক অসমীয়া বক্সাৰ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব– অসম এমেচাৰ বক্সিং সন্থা

অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোঁহাইক লৈ উৎফুল্লিত হৈ পৰিছে অসম এমেচাৰ বক্সিং সন্থা। অসম কন্যা লাভলীনা বৰগোহাঁইৰ পদাংক অনুসৰণ কৰিয়েই আগন্তুক সময়ত ৰাজ্যখনৰ অধিক বক্সাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলিও আশা কৰিছে অসম এমেচাৰ বক্সিং সন্থাৰ সভাপতি কালীকান্ত বড়ো আৰু সম্পাদক হেমন্ত কলিতাই।

জৰ্ডানৰ আম্মানত অনুষ্ঠিত হোৱা এছিয়ান অলিম্পিক কোৱালিফায়িং প্ৰতিযোগিতাত দেওবাৰে ৬৯ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ ছেমি ফাইনেলত প্ৰবেশ কৰাৰ লগে লগেই লাভলীনাই টকিঅ’ অলিম্পিকৰ টিকট লাভ কৰে। ইয়াৰ লগে লগেই লাভলীনা বৰগোঁহাই হৈ পৰিল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা।

আনহাতে শিৱ থাপাৰ পিছত দ্বিতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি লাভলীনাই ইতিহাস সৃষ্টি কৰা বুলিও মন্তব্য কৰিছে অসম এমেচাৰ বক্সিং সন্থাৰ বিষয়ববীয়া সকলে।

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলেও জৰ্ডানৰ আম্মানত চলি থকা প্ৰতিযোগিতাখনত লাভলীনা অৱশ্যে ছেমি ফাইনেলত পৰাস্ত হয়। যাৰ বাবে লাভলীনাই ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

ইফালে অসম এমেচাৰ বক্সিং সন্থাই এক সংবাদ মেল সম্বোধন কৰি লাভলীনা সম্পৰ্কত বিভিন্ন মন্তব্য কৰাৰ লগতে অলিম্পিকত লাভলীনাই পদক লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments