Wednesday, October 5, 2022
HomeNewsঅসম এথলেটিকছ সন্থাৰ সভাপতিৰ সিদ্ধান্ত আৰু অন্যান্য কিছু কথা

অসম এথলেটিকছ সন্থাৰ সভাপতিৰ সিদ্ধান্ত আৰু অন্যান্য কিছু কথা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ চাৰিদিনীয়াকৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪৩ সংখ্যক আন্তঃ জিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । ১৪, ১৬, ১৮ আৰু ২০ বছৰ অনুৰ্ধ শাখাৰ ইভেন্ট সমূহ হৈছে ক্ৰমে দৌৰ, হাইজাম্প, লংজাম্প, শ্বটপুট, বল থ্ৰ, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ, হেমাৰ থ্ৰ, ৰেচৱাক, মীডলে ৰীলে, হাৰ্ডলছ, পলভল্ট, আৰু ত্ৰিপুল জাম্প । ইয়াত ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ৯০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জনাইছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিজন খেলুৱৈয়ে পুৱাৰে পৰা গধূলিলৈ খাদ্যৰ খৰচ ব্যক্তিগতভাৱে বহন কৰিব লাগিব । এই কথাটোৱে বৰ্তমান জিলাসমূহত চৰ্চা অব্যাহত আছে । জিলা ক্ৰীড়া সন্থাসমূহে বিভিন্ন ইভেন্টৰ আন্তঃজিলাত অংশগ্ৰহণ কৰাৰ বাবে দল পঠিয়াবলগীয়া হয় । আনকি বহু জিলা ক্ৰীড়া সন্থাই অৰ্থৰ অভাৱতে সকলো দল প্ৰেৰণ কৰিব নোৱাৰে । যিবোৰ জিলাই প্ৰতিটো জিলা দল প্ৰেৰণ কৰি আহিছে তেওঁলোকেও গভীৰ অৰ্থ সংকটত ভোগা পৰিলক্ষিত হৈছে । খেলুৱৈৰ অনুশীলনত হোৱা খৰছ, সাজ-পোছাক, নিজ জিলাৰ পৰা অইন জিলালৈ খেলিবলৈ যোৱা গাড়ী-ট্ৰেইনৰ ভাড়া, খোৱা-লোৱা ইত্যাদিত এক বৃহৎ বাজেট জিলাসমূহে বহন কৰি আহিছে–যাৰ বাবে জিলাসমূহে বিভিন্ন সমস্যাত পৰা পৰিলক্ষিত হৈছে । বৰ্তমান ক্ৰিকেট আৰু বেডমিন্টনৰ বাহিৰে অইন ইভেন্টৰ খেলুৱৈসকল প্ৰায় ভাগেই দুখীয়া পৰিয়ালৰ । নিজৰ সাজ-পোছাক, উন্নত মানৰ ক্ৰীড়া সামগ্ৰী যোগাৰ কৰাটো দূৰৈৰ কথা খোৱা-লোৱাই তেওঁলোকৰ সমস্যা । গতিকে নিজ খৰছত এওঁলোকে আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো এক প্ৰকাৰ অসম্ভৱ । আজিও খেলুৱৈসকলে ক্ৰীড়াৰ নূ্ন্যতম সা-সুবিধাও পোৱা নাই । যিসকলে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিছে সেইসকল খেলুৱৈৰ জীৱন আৰম্ভ কৰা সময়খিনি অনুধাৱন কৰিলেই গম পোৱা যায় যে তেওঁলোকে কিমান কষ্ট আৰু ত্যাগৰ বিনিময়ত খেলুৱৈ হিচাপে নিজক প্ৰতিস্থা কৰিছে । আমাৰ মাজত এনে খেলুৱৈও আছে যি সকলে দিন-হাজিৰা কৰি ঘৰৰ দায়িত্ব পালন কৰাৰ উপৰি নিজৰ সাহস আৰু একাগ্ৰতাৰ বাবে খেলপথাৰলৈ ঢাপলি মেলে । বিভিন্ন ৰাষ্ট্ৰীয় ইভেন্টৰ প্ৰতিযোগিতাত এনে খেলুৱৈ আছে । বৰ্তমান সময়ত খেল খেলি জীৱন-জীৱিকাৰ পথ নাপালে বা খেলুৱৈৰ সন্মুখত উজ্বল ভবিষ্যত এটা নাথাকিলে কোনেও ক্ৰীড়াৰ বাবে আগবাঢ়ি নাহে । যদিহে খেলুৱৈয়ে নিজৰ টকা-পইচাৰে খেলিবলগীয়া হয় তেতিয়াহলে বহু খেলুৱৈয়ে খেলক দূৰতে বিদূৰ যে কৰিব এই কথা নিশ্চিত । জিলা ক্ৰীড়া সন্থাসমূহত প্ৰায়ে ৰাজনৈতিক নেতাবিলাকে সভাপতি, সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছে । সন্থাৰ আশা-ভৰষাৰ থল এওঁলোকেই । এওঁলোকে আৰ্থিকভাৱে সহায় নকৰিলে সন্থাসমূহে জিলা দল পঠোৱাটোৱেই অসম্ভৱ । যাৰ বাবে এওঁলোকৰ সন্থাটোত দায়িত্ব আৰু গুৰুত্ব অপৰিসীম । এওঁলোকৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে । যদিহে খেলুৱৈসকলে নিজৰ টকা-পইচাৰে ক্ৰীড়াৰ সৈতে জড়িত হ’ব লাগে তেন্তে ক্ৰীড়া সন্থাসমূহৰ কাম কি বুলিও প্ৰশ্ন উথ্বাপিত হৈছে । খেলুৱৈক আন্তঃজিলা প্ৰতিযোগিতাত খোৱা-লোৱা যোগান ধৰিব নোৱাৰা ৰাজ্যিক ক্ৰীড়া সংগঠনসমূহৰ কাম কি ? আমি আটায়ে জানো যে যিখন জিলাই আন্তঃজিলা প্ৰতিযোগিতা আয়োজন কৰে তেওঁলোকেই জিলা দলসমূহৰ খোৱা-লোৱা, থকা ইত্যাদিৰ খৰছ বহন কৰি আহিছে । জিলাসমূহক যদি ৰাজ্যিক ক্ৰীড়া সন্থাসমূহে আৰ্থিকভাৱে সহায়-সহযোগিতা আগবঢ়োৱা হ’লে জিলাসমূহে আন্তঃজিলা প্ৰতিযোগিতা আয়োজন কৰিবলৈ নিশ্চিতভাৱে আগবাঢ়ি আহিব । সেয়া হৈ উঠা নাই বাবেই জিলাসমূহে আন্তঃজিলা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি আহিছে । যাৰ ফলত ৰাজ্যিক ক্ৰীড়া সন্থাই প্ৰতিযোগিতা নিজেই অনুষ্ঠিত কৰিবলগীয়া হৈছে । প্ৰথমবাৰৰ বাবে অসম এথলেটিকছ সন্থাই খেলুৱৈৰ পৰা পইচা লৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে । তেওঁলোকৰ সিদ্ধান্ত সৰ্বসন্মত হলেও খেলুৱৈ সমাজত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গতিকে অসম এথলেটিকছ সন্থাক বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে অনুৰোধ জনালো । খেলুৱৈৰ স্বাৰ্থৰ উৰ্ধত থাকি কাম কৰি যাব পাৰিলেহে ক্ৰীড়াৰ উন্নতি হ’ব । অন্যথা ‘উলংগ দেশত কাম কি ধোবাৰ’ লেখীয়া হ’ব জিলা তথা ৰাজ্যিক ক্ৰীড়া সন্থাসমূহৰ অৱস্থা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments