অলিম্পিয়া প্ৰতিবেদন
তামিলনাডুত চলি থকা বিজয় হাজাৰে ট্ৰফীত অসমে আজি দ্বিতীয়খন মেচত অৰুণাচল প্ৰদেশক ৫ উইকেটত পৰাস্ত কৰে। চেন্নাইৰ টি আই ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচত অসমে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
অৰুণাচল প্ৰদেশে নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২২২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰাহুল দালালে ১২৩ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে। অসমৰ হৈ অম্লানজ্যোতি দাসে ২ টা, মুখটাৰ হুছেইন আৰু অভিলাস গগৈয়ে ১ টাকৈ উইকেট সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অসমে শিৱশংকৰ ৰয়ৰ ৬০, ডেনিছ দাসৰ ৫৯, ছাহিল জৈনৰ ৪৮ ৰানৰ সহায়ত কেৱল ৩৬.৪ অভাৰতে ইপ্সিত লক্ষ্যত উপনীত হয়। অৰুণাচলৰ হৈ ৰাকেশ কুমাৰে ৫৮ ৰানৰ বিনিময়ত ৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত অসমে মণিপুৰক ১০ উইকেটত পৰাস্ত কৰিছিল।