Tuesday, July 5, 2022
HomeNewsক্ৰমাগত পঞ্চম জয় অসমৰ; নাগালেণ্ডক ৯ উইকেটত পৰাস্ত

ক্ৰমাগত পঞ্চম জয় অসমৰ; নাগালেণ্ডক ৯ উইকেটত পৰাস্ত

অলিম্পিয়া প্ৰতিবেদন

২৫ বছৰ অনূৰ্ধ্ব এদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ প্লেট গ্ৰুপত অসমে ক্ৰমাগত পঞ্চম খন মেচতো বৃহৎ বিজয় অৰ্জন কৰিছে । আমিনগাওঁ ষ্টেডিয়ামত অসমে বুধবাৰে ৯ উইকেটত পৰাস্ত কৰে প্ৰতিবেশী নগালেণ্ডক। নগালেণ্ডে প্ৰথমে বেট ধৰি ৩৫.৪ অভাৰত ৮২ ৰাণতে ইনিংছ সামৰে। দলৰ ৪ গৰাকী বেটচ মেনে কোনো ৰাণ নকৰকৈ পেভেলিয়নমুখী হয়। বলিঙত অসমৰ হৈ ৰিয়ান পৰাগ আৰু ৰোচন আলমে ৩ টাকৈ উইকেট দখল কৰে। ২ টা উইকেট লাভ কৰে মুখতাৰ হুছেইনে । প্ৰত্যুত্তৰত অসমে বিশাল ৰয়ৰ অৰ্ধশতকৰ সহায়ত ১০.৪ অভাৰত মাত্ৰ ১ টা উইকেটৰ বিনিময়ত ৮৬ ৰান কৰি বিজয়ী হয়। বিশালে ৩৩ টা বলত ৫১ ৰাণত অপৰাজিত হৈ থাকে। পৰবৰ্তী মেচত অসমে অহা ২৬ নৱেম্বৰত নেহৰু ষ্টেডিয়ামত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে খেলিব। অসমে ইতিমধ্যে মণিপুৰ, মিজোৰাম , চিকিম আৰু মেঘালয়ৰ বিৰুদ্ধে বৃহৎ বিজয় অৰ্জন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments