Friday, September 30, 2022
HomeNewsচৰকাৰী জলপানী তথা অন্যান্য সাহাৰ্য্যৰ পৰা বঞ্চিত অসমৰ শৰীৰচর্চা ক্ষেত্ৰৰ খেলুৱৈ

চৰকাৰী জলপানী তথা অন্যান্য সাহাৰ্য্যৰ পৰা বঞ্চিত অসমৰ শৰীৰচর্চা ক্ষেত্ৰৰ খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ ৬৩ টাকৈ খেলৰ লগত জড়িত খেলুৱৈসকললৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ৬৩ টা খেলৰ তালিকাত শৰীৰচর্চায়ো স্থান লাভ কৰিছে। ৰাজ্যৰ শৰীৰচর্চা কৰা খেলুৱৈসকলৰ বাবে ই নিশ্চয়কৈ এটা ভাল খবৰ। কিন্তু,তাৰ মাজতো ৰাজ্যৰ শৰীৰচর্চাবিদ সকল দীৰ্ঘদিন ধৰি চৰকাৰী জলপানীৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱা কথাই ক্ষুদ্ধ কৰি তুলিছে অসম বডী বিল্ডিং এছ’চিয়েচনক।

অসম বডী বিল্ডিং এছ’চিয়েচনে অসম ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালকলৈ লিখা এক পত্ৰত এই কথা প্ৰকাশ পাইছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি অসমৰ বডী বিল্ডাৰসকলে অসম চৰকাৰৰ জলপানী আৰু যিকোনো আৰ্থিক সাহাৰ্য্য লাভৰ পৰা বঞ্চিত হৈ আহিছে। অথচ, স্বীকৃত লাভ নকৰা বহু সন্থা তথা খেলুৱৈয়ে যোৱা দিনবোৰত এনে জলপানী, আৰ্থিক সাহাৰ্য্য আদি লাভ কৰি আহিছে।

পত্ৰখনত লগতে উল্লেখ কৰিছে যে অসমৰ দীপু দত্ত নামৰ শৰীৰচর্চাবিদগৰাকীয়ে ২০১৯ ৰ জুলাইত কাঠমাণ্ডুত অনুষ্ঠিত ছাউথ এছিয়ান বডী বিল্ডিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁ ৰাজ্য চৰকাৰৰ কোনো সাহাৰ্য্য লাভ নকৰিলে। সন্থাটোৱে সেয়ে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগক আৱেদন জনাইছে তেওঁলোকৰ খেলুৱৈসকলকো এনে সাহাৰ্য্য জলপানী আদি যোগান ধৰিবলৈ।

উল্লেখযোগ্য যে ভাৰতীয় বডী বিল্ডিং এছ’চিয়েচন ছাই(SAI) আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত এটা সন্থা আৰু অসম বডী বিল্ডিং এছ’চিয়েচন সেই সন্থাৰে অন্তৰ্ভুক্ত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments