অলিম্পিয়া বাৰ্তা
অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ নাম । ভাৰতীয় বক্সিং ফেডাৰেচনে লাভলীনাৰ লগতে আন দুগৰাকী বক্সাৰ ছিমৰণজিৎ কৌৰ, মনিষ কৌশিকৰ নামো অৰ্জুন বঁটাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে দেশৰ আগশাৰীৰ বক্সাৰ অমিত পংগল, বিকাশ কৃষণৰ নাম সংস্থাটোৱে ৰাজীৱ গান্ধী খেলৰত্নৰ বাবে প্ৰেৰণ কৰিছে। ইপিনে ধ্যানচান্দ বঁটাৰ বাবে এন উষাৰ নাম মনোনীত কৰা হৈছে। ভাৰতীয় বক্সিং সন্থাই দ্ৰোনাচাৰ্য বঁটাৰ বাবে প্ৰেৰণ কৰিছে ছোটে লাল যাদৱ আৰু মহম্মদ আলী কমৰৰ নাম।
লাভলীনা বৰগোঁহাইৰ নাম অৰ্জুন বঁটাৰ বাবে প্ৰেৰণ কৰা কথাই অসমৰ ক্ৰীড়াপ্ৰেমীক উল্লাসিত কৰি তুলিছে। এই খৱৰ লাভ কৰাৰ পিছতে লাভলীনাৰ প্ৰতিক্ৰিয়া জানিবলৈ অলিম্পিয়া’ৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল বক্সাৰগৰাকীৰ সৈতে। বক্সাৰ গৰাকীয়ে অলিম্পিয়াক জানিবলৈ দিয়ে যে খবৰটোৱে তেওঁক যথেষ্ট উৎসাহিত কৰিছে।
” খবৰটো মোক প্ৰথমে অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাদেৱে দিয়ে। খবৰটো লাভ কৰি মই যথেষ্ট সুখী। অৱশ্যে বঁটা লাভ কৰাটো পিছতহে নিৰ্ণয় হ’ব। ” লাভলীনাই কয়।