Tuesday, October 4, 2022
HomeNewsটকিঅ'ত ইতিহাস ৰচিলে লাভলীনাই

টকিঅ’ত ইতিহাস ৰচিলে লাভলীনাই

অলিম্পিয়া প্রতিবেদন

অসমৰ তেওঁ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান। গোলাঘাটৰ বাৰমুখীয়াৰ পৰা এক অনন্য যাত্ৰা তেওঁৰ। নাম তেওঁৰ লাভলীনা। ভাৰতীয় বক্সিং ক্ষেত্ৰৰ এটা উজ্জ্বল নক্ষত্ৰ। অসমৰ ক্রীড়াক্ষেত্ৰৰ নেতৃত্বত অসমৰ এইগৰাকী মহিলা ক্রীড়াবিদ। টকিঅ’ত অনুষ্ঠিত হৈ থকা অলিম্পিকত সম্প্ৰতি উজ্বলি উঠিল অসম কন্যা লাভলীনা। অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰি লিখি পেলালে অসম ক্ৰীড়াৰ এক সোণালী অধ্যায়। ইয়াৰ লগে লগে চলিত অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ প্ৰথমগৰাকী বক্সাৰতো পৰিণত হয়। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰে মুখামুখি হব চাইনীজ টাইপেইৰ শক্তিশালী প্ৰতিদ্বন্দী চেন নিয়েন সিঙৰে।অহা ৩০ জুলাইত পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেলৰ এই মেচ অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments