Monday, October 3, 2022
HomeNewsজনপ্ৰিয় ৱেব চিৰিজ 'পাতাল লোক'ত অসমৰ বোধিসত্ব, অভিনয়ৰ লগতে ক্ৰীড়াঙ্গনতো দেখুৱাইছে সমান...

জনপ্ৰিয় ৱেব চিৰিজ ‘পাতাল লোক’ত অসমৰ বোধিসত্ব, অভিনয়ৰ লগতে ক্ৰীড়াঙ্গনতো দেখুৱাইছে সমান দক্ষতা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

এটি কিশোৰ। প্ৰচুৰ সম্ভাৱনাময় এটি কিশোৰ। অসমৰ এই কিশোৰটিয়ে সম্প্ৰতি দখল কৰিছে বাতৰিৰ শিৰোনাম। সম্প্ৰতি এমেজন প্ৰাইমত সম্প্ৰচাৰিত হৈ থকা এটা জনপ্ৰিয় ৱেব চিৰিজৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ এটাত অভিনয় কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী কিশোৰে। ৱেব চিৰিজ ‘পাতাল লোক’ত নিজৰ সাৱলীল অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা এই কিশোৰটিৰ নাম বোধিসত্ব শৰ্মা। ‘পাতাল লোক’ ৰ মূল চৰিত্ৰ পুলিচ বিষয়া হাথিৰাম চৌধুৰীৰ পুত্রৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ বোধিসত্ব শৰ্মাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিষয়ৰ মুৰব্বী অধ্যাপক ডঃ চন্দন কুমাৰ শৰ্মা আৰু দিল্লীস্থিত সৰ্বভাৰতীয় গন মাধ্যম প্ৰতিষ্ঠানৰ অধ্যাপিকা শাশ্বতী গোস্বামীৰ কণিষ্ঠ পুত্ৰ বোধিসত্ব। বৰ্তমান বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পূৰ্বতে অভিনয়ৰ পাঠ গ্ৰহণ কৰা Barry John Acting Studio নামৰ প্ৰশিক্ষণ স্থলীৰ পৰা অভিনয়ৰ পাঠ গ্ৰহণ কৰি থকা বোধিসত্ব অভিনয় শিল্পী হোৱাৰ লগতে এগৰাকী খেলুৱৈয়ো। বহুতে এই কথা নাজানে যে পখিলা খেদা বয়সতে ফুটবলৰ প্ৰেমত পৰা বোধিসত্ব বাইচুং ভুটিয়া ফুটবল স্কুলৰ ছিনিয়ৰ দলৰ এজন সদস্য। দলটোৰ হৈ বোধিসত্বই ইউৰোপীয়ান ফুটবলৰ অন্যতম প্ৰাণকেন্দ্ৰ পৰ্টুগালত ছেছিম্ব্ৰা কাপ খেলাৰো অভিজ্ঞতা সঞ্চয় কৰিছে।

পাতাল লোক’ত অভিনয়েৰে হৃদয় জিকা খেলুৱৈ বোধিসত্বজন !

সতীৰ্থৰ সৈতে বোধিসত্ব

ফুটবল ভাল পোৱা বোধিসত্বই সৰুতে ককায়েক তথাগতৰ সৈতে ফুটবল খেলিয়েই পাৰ কৰিছিল বহু সময়। সুযোগ পালেই টেলিভিছনৰ পৰ্দাত উপভোগ কৰিছিল ইউৰোপীয়ান ফুটবল লীগৰ খেলসমূহ। লিয়নেল মেচি, ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পৰা আৰম্ভ কৰি ৰুবেনলৈকে বিশ্ববিশ্ৰুত ফুটবলাৰৰ খেল উপভোগ কৰি নিজেও খেল পথাৰত দুভৰিৰ যাদু দুখুওৱাৰ বাবে এটা সময়ত উত্ৰাৱল হৈ পৰিল বোধিসত্ব। মাকক খাটনি ধৰিলে অহৰহ ফুটবল একাডেমিত নাম লগাই দিবলৈ। অৱশেষত মাতৃ শাশ্বতী গোস্বামীয়েও পুত্ৰক দিল্লীৰ আই আই টি কেম্পাছত থকা বাইচুং ভুটিয়া ফুটবল স্কুলত নাম লগাই দিলে।

ফুটবল দলৰ এজন সদস্য হিচাবে বোধিসত্ব

সেয়াই আৰম্ভণি। অতি কম সময়তে প্ৰশিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় বোধিসত্ব। কম দিনৰ ভিতৰতে স্থান লাভ কৰিলে বাইচুং ভুটিয়া ফুটবল স্কুলৰ Development squad ত। ২০১৪ ৰ পৰা ২০১৬ চনলৈ দিল্লী য়ুথ লীগত তৃতীয়, প্ৰথম আৰু তৃতীয় স্থান লাভ কৰা বাইচুং ভূটিয়া ফুটবল স্কুলৰ ছিনিয়ৰ ফুটবল দলৰ সদস্য আছিল বোধিসত্ব। ২০১৬-১৭ বৰ্ষত তেওঁৰ নিজ শিক্ষানুষ্ঠান টেগ’ৰ ইণ্টাৰনেশ্বনেলৰ অনুৰ্ধ ১৪ বৰ্ষৰ ফুটবল দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰে বোধিসত্বই। ২০১৬-১৭ বৰ্ষতে দিল্লীৰ ৰাজ্যিক ছাব জুনিয়ৰ ফুটবল দলৰ এজন নিয়মীয়া খেলুৱৈ হিচাবে দেশৰ ভিন্ন প্ৰান্তত সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। সেই দুটা বৰ্ষত দিল্লী দলে বাৰণসী আৰু পঞ্জাৱত অনুষ্ঠিত উত্তৰ মণ্ডল খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল, য’ত দিল্লী দলটোৰ সহ অধিনায়ক আছিল অসমৰ বোধিসত্ব। ২০১৭ বৰ্ষত কেৰালা আৰু পঞ্জাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় (সৰ্বভাৰতীয়) ফুটবল চেম্পিয়নশ্বিপত ফাইনেল ৰাউণ্ডত উপনীত হোৱা দিল্লী দলটোৰ এজন নিৰ্ভৰযোগ্য সদস্য আছিল বোধিসত্ব।

অভিনয় শিল্পীৰ ৰূপত বোধিসত্ব


২০১৮ বৰ্ষত অনুষ্ঠিত দিল্লী য়ুথ লীগত প্ৰথম স্থান দখল কৰা বাইচুং ভূটিয়া ফুটবল স্কুলৰ ছিনিয়ৰ দলৰ হৈ বোধিসত্বই পৰ্টুগালত গৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰো সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিল। পৰ্টুগালৰ ছেছিম্ব্ৰা কাপত অংশগ্ৰহণৰে খেলুৱৈ জীৱনৰ এক বিশেষ অভিজ্ঞতা লাভ কৰা বোধিসত্বৰ মনোযোগ লাহে লাহে অভিনয়ৰ ফালেও ঢাল খাবলৈ ধৰে। অভিনয় ক্ষেত্ৰখনতো প্ৰতিভাৰ চানেকি আঁকিবলৈ সক্ষম হোৱা কিশোৰ বোধিসত্বৰ কৃতিত্বৰ তালিকাখনত শেহতীয়াকৈ সংযোজন হ’ল ‘পাতাল লোক’ৰ নাম। ক’ব পাৰি ‘পাতাল লোক’ৰ জৰিয়তে বলিউডত এক সবল খোজ পেলাবলৈ সক্ষম হৈছে অসম সন্তান বোধিসত্ব। আশা কৰিব পাৰি ক্ৰীড়া অথবা অভিনয় কোনো এক ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই দিছে অসমৰ আন এগৰাকী সুযোগ্য সন্তানক।


কেৱল অভিনয়েই নহয় সংগীত আৰু সাহিত্যৰ ক্ষেত্ৰতো বুৎপত্তি দেখুৱাবলৈ সক্ষম হৈছে বোধিসত্ব। ইণ্টাৰনেচনেল স্কুলৰ মিউজিক বেণ্ডৰো অন্যতম সদস্য তেওঁ। তাৰোপৰি ২০১৬ চনত কথা উৎসৱৰ দ্বাৰা আয়োজিত কবিতা মহোৎসৱত শ্ৰেষ্ঠ কবিৰ সন্মানো লাভ কৰিছিল এইগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন কিশোৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments