অসমৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ হিমানিশ দাস আৰু আয়ান ৰছিদে ১৭ বছৰ অনুৰ্ধ বেডমিণ্টনৰ ৰেংকিঙত দেশৰ ভিতৰতে শীৰ্ষ দহৰ ভিতৰত প্ৰৱেশ কৰিছে। ভাৰতৰ শীৰ্ষ খেলুৱৈসকলৰ মাজত স্থান লাভ কৰা হিমানিশ ৪০০ পইণ্টৰে ৰেংকিঙৰ ষষ্ঠ স্থানত থকাৰ বিপৰীতে আয়ান ৪১১ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে।

উল্লেখযোগ্য যে হিমানিশে ২০১৯ বৰ্ষৰ খেল’ ইণ্ডিয়াৰ যুৱ ক্ৰীড়াত উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পিতৃ গৌৰী কুমাৰ দাস আৰু মাতৃ বিহংগী দাসৰ সন্তান হিমানিশে ইতিমধ্যে মিনি আৰু ছাব জুনিয়ৰ শাখাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান হিমানিশ প্ৰাক্তন খেলুৱৈ অভিজিৎ দত্তৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

তাৰ বিপৰীতে ১৬ বছৰীয়া আয়ানে বৰ্তমানলৈ জুনিয়ৰ পৰ্যায়ত ৯ টাকৈ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৯ বৰ্ষত ডুবাইত অনুষ্ঠিত ইণ্টাৰনেচনেল চিৰিজৰ মিক্সড ডাবলছত খিতাপ দখল কৰিছিল এইজন প্ৰতিভাশালী শ্বাটলাৰে।