Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় ভাৰত্তোলনত অসমৰ সাতটা পদক

ৰাষ্ট্ৰীয় ভাৰত্তোলনত অসমৰ সাতটা পদক

অলিম্পিয়া প্রতিবেদন

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ খেলুৱৈ। ৰাষ্ট্ৰীয় ভাৰত্তোলনত সাতটাকৈ পদক লাভেৰে অসমৰ খেলুৱৈয়ে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কঢ়িয়াই আনিলে সুনাম। যোৱা ৯ৰ পৰা ১২ আগষ্টলৈ পাঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ, য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলনত অসমৰ ছগৰাকীকৈ খেলুৱৈয়ে পদক বুটলিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত অসমৰ সুদিত্য বৰুৱাই দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখেৰে স্বৰ্ণ অর্জন কৰিবলৈ সক্ষম হয়। সুদিত্যই পুৰুষৰ য়ুথৰ ৮৯ কেজি শাখাৰ ক্লিন এণ্ড জাৰ্কত ১৬৩ কেজি আৰু সামগ্ৰিকভাৱে ২৮৩ কেজি উত্তোলনৰে ৰাষ্ট্ৰীয় অভিলেখৰে স্বৰ্ণ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে মহিলাৰ য়ুথৰ ৫৯ কেজি শাখাত দিতিমণি সোনোৱালে শ্ৰেষ্ঠত্ব অর্জন কৰে। তেওঁ স্নেটছত ৬৮ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ৮৪ কেজি উত্তোলন কৰি স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে জুনিয়ৰৰ ৮১ কেজি শাখাত ট্ৰিদিব বৰুৱাই ৰূপৰ পদক অৰ্জন কৰে। ট্ৰিদিবে স্নেটছত ১২৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৫৭ কেজি উত্তোলন কৰিবলৈ সক্ষম হয়।

ইপিনে, ছিনিয়ৰ পৰ্যায়তো অসমৰ তিনিগৰাকীকৈ খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছিনিয়ৰ পুৰুষৰ ৬১কেজি শাখাত সিদ্ধান্ত গগৈয়ে স্বৰ্ণ লাভ কৰাৰ বিপৰীতে মহিলাৰ ৮৭ কেজিত মধুস্মিতা বৰুৱাই ৰূপ অর্জন কৰে। মহিলাৰ ৮১ কেজিত দিম্পী দত্তই ব্ৰঞ্জৰ পদক দখল কৰে। উল্লেখযোগ্য যে, অসমৰ দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল অনুপ কোঁৱৰ। আনহাতেদি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসম ভাৰত্তোলন সন্থাৰ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ভৱজ্যোতি গোস্বামীয়ে মুখ্য নিৰ্বাচকৰ ভূমিকা পালন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments