অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; ক্ৰীড়া পেঞ্চন বৃদ্ধিৰ লগতে পদকপ্ৰাপ্ত খেলুৱৈলৈ নিযুক্তি

অলিম্পিয়া প্ৰতিবেদন

পূৰ্বতে অসম বিধানসভাৰ অধিৱেশনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বুধবাৰে অসম চৰকাৰৰ কেবিনেটে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ক্ৰীড়া পেঞ্চনৰ ধনৰাশি পূৰ্বতকৈ ২০০০ টকা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। পূৰ্বতে এই ধনৰ পৰিমাণ ৮,০০০ আছিল। এতিয়াৰে পৰা এই পৰিমাণ ১০,০০০ নিৰ্ধাৰণ কৰা হয়। ইয়াৰোপৰি, কমনৱেলথ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকপ্ৰাপ্তসকলক অতিৰিক্তভাৱে ক্ৰীড়া পেঞ্চন দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰে অসম কেবিনেটে।

তাৰোপৰি, পূৰ্বতে ঘোষণা কৰাৰ দৰে এতিয়াৰে পৰা অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছত পদকপ্ৰাপ্ত খেলুৱৈসকলক প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে স্বীকৃতপ্ৰাপ্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপসমূহত পদক জিকাসকলক দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰি দিয়া হ’ব। ইপিনে, ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয় কৰাসকলে লাভ কৰিব তৃতীয় শ্ৰেণীৰ চৰকাৰী চাকৰি। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপক ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে আদৰণি জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *