Sunday, October 2, 2022
HomeNewsউদীয়মান ক্ৰিকেটাৰৰ বাবে ৰাজ্যজুৰি ৰাজ্যিক একাডেমীৰ দ্বাৰা বাচনি শিবিৰ

উদীয়মান ক্ৰিকেটাৰৰ বাবে ৰাজ্যজুৰি ৰাজ্যিক একাডেমীৰ দ্বাৰা বাচনি শিবিৰ

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই অহা ৩ ৰ পৰা ২০ এপ্ৰিললৈ ৰাজ্যখনৰ ৬ টা স্থানত উদীয়মান ক্ৰিকেটাৰৰ বাবে এক মুকলি প্ৰশিক্ষণ তথা বাচনি শিবিৰৰ আয়োজন কৰিছে । ৰাজ্যিক ক্ৰিকেট একাডেমীয়ে এই শিবিৰবোৰ তদাৰক কৰিব । এই শিবিৰত ১৩ ৰ পৰা ১৫ বছৰ বয়সৰ ল’ৰা- ছোৱালী (২০০৭ৰ ১ জানুৱাৰীৰ পৰা ২০০৯ ৰ ৩১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা) খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব । নিৰ্বাচিত খেলুৱৈক গুৱাহাটীত অসম ক্ৰিকেট সন্থাৰ অধীনৰ ৰাজ্যিক ক্ৰিকেট একাডেমীৰ আৱাসিক একাডেমীত অন্তৰ্ভূক্ত কৰা হ’ব । শিবিৰবোৰৰ তাৰিখ আৰু স্থান হ’ব ক্ৰমে:-
১) উজনি অসম মণ্ডল : ডিব্ৰুগড় – ৩-৪ এপ্ৰিল
২) মধ্য অসম মণ্ডল : ফৰকাটিং, গোলাঘাট – ৬-৭ এপ্ৰিল
৩) উত্তৰ অসম মণ্ডল : তেজপুৰ- ৯-১০ এপ্ৰিল
৪) দক্ষিণ অসম মণ্ডল : শিলচৰ- ১২-১৩ এপ্ৰিল
৫) হেডকোৱাৰ্টাৰ মণ্ডল :- গোৱালপাৰা- ১৭-১৮ এপ্ৰিল
৬) নামনি অসম মণ্ডল : বৰপেটা – ১৯-২০ এপ্ৰিল ।
সকলো স্থানৰ শিবিৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব । এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী লৰা- ছোৱালী খেলুৱৈক বয়সৰ প্ৰমাণ পত্ৰৰ সৈতে উপস্থিত হ’বলৈ কোৱা হৈছে । তেওঁলোকে সুবিধা অনুসৰি যিকোনো এটা মণ্ডলৰ শিবিৰত উপস্থিত থাকিব পাৰিব । এইকথা জনাইছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments