অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থা ( এ চি এ )ৰ ওপৰত মিছা বদনাম জাপিলে কোনে ! অসমত ক্ৰিকেটক উন্নয়ন কৰিবলৈ যাওতেই ফুটবলক কৰিছিল নেকি এলাগী ! সঁচাকৈ নেহৰু ষ্টেডিয়ামত ফুটবলাৰক অনুশীলনৰ বাবে এ চি এ কৰিছিল নেকি বাধা ? একাংশ খেলুৱৈ অথবা অসম ফুটবল খেলুৱৈ সন্থাৰ অভিযোগ কিমান আছিল সঁচা !
এনে বহু প্ৰশ্নৰ উত্তৰ দিছে অসম ক্ৰিকেট সন্থাই ।
অসম ক্ৰিকেট সন্থাৰ এখন বিষ্ফোৰক সংবাদমেল । স্পষ্ট কৰিলে সন্থাৰ স্থিতি । শেহতীয়াকৈ, নেহৰু ষ্টেডিয়ামখন ফুটবলৰ বাবে মুকলি নোহোৱাৰ বিষয়ক লৈ ক্ৰীড়া জগতত লাগিছিল হৈ-ছৈ । প্ৰতিবাদত কঁপিছিল গুৱাহাটী মহানগৰী । পিছে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ক্ৰীড়া সঞ্চালকক নেহৰু ষ্টেডিয়ামত ফুটবলক অগ্ৰাধিকাৰ দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ পাছতেই উৎফুল্লিত হৈ পৰিছিল ফুটবলাৰসকল । কিন্তু সেই একেদিনাই অসম ক্ৰিকেট সন্থাই এখন সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ খণ্ডন কৰিছে ।
সন্থাৰ মতে,অসমত ক্ৰিকেটৰ উন্নয়নৰ বাবে তেওঁলোকে অসম চৰকাৰৰ অনুমতি সাপেক্ষে নেহৰু ষ্টেডিয়ামখন সন্থাৰ নিজা পুঁজিৰে কৰিছিল পূনঃনিমাৰ্ণ । তাৰ বাবে তেওঁলোকে বুজা পৰা চুক্তিত কৰিছিল স্বাক্ষৰ ।কিন্তু ইয়াৰ স্বত্ব নাছিল অসম ক্ৰিকেট সন্থাৰ হাতত । ইয়াৰ স্বত্ব সম্পূৰ্ণ অসম চৰকাৰ তথা ক্ৰীড়া সঞ্চালকয়ৰ হাতত আছিল বুলি মন্তব্য কৰে সন্থাৰ সভাপতি ৰমেন দত্তই ।
অসম ক্ৰিকেট সন্থাই যদি কেতিয়াবা ঘৰুৱা বা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰিব লগা হয় তেতিয়াও অসম চৰকাৰ তথা ক্ৰীড়া সঞ্চালকালয়ৰ অনুমতি প্ৰদানৰ পাছতহে খেল অনুষ্ঠিত কৰা হব বুলি উল্লেখ আছিল এই এম অ ইউত।
অসম ক্ৰিকেট সন্থাৰ ভাষ্য তেওঁলোকে কেতিয়াও নেহৰু ষ্টেডিয়ামৰ ওপৰত কৰা নাই স্বত্ব সাব্যস্ত ।মাথোন ষ্টেডিয়ামখন খেলাৰ উপযোগী কৰি তুলিছিল তেওঁলোকে ।গতিকে তেওঁলোকৰ বিৰুদ্ধে উঠা অপবাদত অত্যন্ত মৰ্মাহত অসম ক্ৰিকেট সন্থা ।
অসমৰ ক্ৰিকেট সন্থাই বিনম্ৰ অনুৰোধ জনালে যে-অনান্য ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া, খেলুৱৈ তথা ক্ৰীড়া সংগঠকৰ মাজত এই সম্পৰ্কে চলি থকা ভূল বুজা-বুজিৰ যাতে সংশোধনী ঘটে। সকলো সমিল-মিলে ৰাধা গোবিন্দ বৰুৱাৰ সপোনৰ নেহৰু ষ্টেডিয়ামখনত পুনৰ অনুশীলন কৰাৰ কথা দোহাৰিলে অসম ক্ৰিকেট সন্থাই।
সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী জনৰ এক নিদেৰ্শৰ পাছতেই সলনি হল যেন সকলো দৃশ্যপট । কিন্তু প্ৰশ্ন হয় -অসম ক্ৰিকেট সন্থাই যদি ফুটবল অনুশীলন কৰাৰ ক্ষেত্ৰত কোনা স্বত্ব বান্ধি দিয়া নাছিল, কিহৰ বাবে ইমান দিনে অনুশীলনৰ পৰা বঞ্চিত হ’ল অসমৰ ফুটবলাৰ সকল ? হয়তো, অসম ক্ৰিকেট সন্থাই এই সন্দৰ্ভত স্পস্টীকৰণ দিয়াত কিছু পলম কৰিলে । সি যি কি নহওঁক – সকলোৱে আশা কৰিব, ফুটবলক অগ্ৰাধিকাৰ দি বাকী খেলসমূহৰ অনুশীলনেৰে পুনৰ জীপাল হওক নেহৰু ষ্টেডিয়াম । ক্ৰীড়াত নাথাকে খাম-খেয়ালী বা খেলপথাৰক লৈ টনা আঁজোৰা । থাকে মাথোন শান্তি আৰু সম্প্ৰীতি ।