Tuesday, October 4, 2022
HomeNewsআজিৰে পৰা অনুষ্ঠিত হৈছে অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ খেল

আজিৰে পৰা অনুষ্ঠিত হৈছে অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ খেল

https://olympiasports.in/

অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ মাণ্ডলিক পৰ্যায়ৰ লীগ মেচসমূহ আজিৰে পৰা অনুষ্ঠিত হৈছে।

অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপতিৰ জৰিয়তে এই প্ৰতিযোগিতাৰ সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি প্ৰতিটো মণ্ডলতে দুটা স্থানত অনুষ্ঠিত হ’ব এই লীগ মেচসমূহ।

কালি প্ৰকাশিত অসম ক্ৰিকেট সন্থাৰ অম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সূচী অনুসৰি দক্ষিণ অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হ’ব শিলচৰ আৰু কৰিমগঞ্জত। দক্ষিণ অসম মণ্ডলে শিলচৰ, কৰিমগঞ্জ, ডিমা হাছাও, কাৰ্বি আংলং, লক্ষীপুৰ আৰু হাইলাকান্দিক সাঙুৰি লৈছে।

নামনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হ’ব বৰপেটা আৰু বঙাইগাঁৱত। এই মণ্ডলে বজালী, উত্তৰ শালমাৰা, বৰপেটা, বিলাসীপাৰা, নলবাৰী, ধুবুৰী আৰু।বঙাইগাঁৱক সাঙুৰি লৈছে। এই মণ্ডলৰ চূড়ান্ত খেলখন বৰপেটাত অনুষ্ঠিত হ’ব।

উত্তৰ অসম মণ্ডলৰ মেচসমূহ অনুষ্ঠিত হ’ব মঙলদৈত। এই মণ্ডলে সাঙুৰি লৈছে বিশ্বনাথ, তেজপুৰ, লখিমপুৰ, ওদালগুৰি, মঙ্গলদৈ আৰু ধেমাজিক। এই মণ্ডলৰ চূড়ান্ত খেলখন মঙলদৈত অনুষ্ঠিত হ’ব।

উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হ’ব যোৰহাটত। এই মণ্ডলে ডিব্ৰুগড়, মাৰ্ঘেৰিটা, যোৰহাট, নাহৰকটীয়া, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউক সামৰি লৈছে। এইমণ্ডলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব যোৰহাটত।

মধ্য অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হ’ব নগাঁৱত। এই মণ্ডলে মৰিগাঁও, হোজাই, বোকাখাত, তিতাবৰ, নগাঁও, কলিয়াবৰ আৰু গোলাঘাটক সামৰি লৈছে।

হেড কোৱাৰ্টাৰ মণ্ডলে আকৌ গুৱাহাটীৰ লগতে ৰঙিয়া আৰু গোৱালপাৰাক সামৰি লৈছে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments