Friday, September 30, 2022
HomeNewsআব্দুল লটিফৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ শোক

আব্দুল লটিফৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ শোক

অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা শোক প্ৰকাশ কৰিছে।

অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ প্ৰকাশ কৰা শোক বাৰ্তাত প্ৰয়াত ফুটবলাৰ গৰাকীৰ কেৰিয়াৰৰ বিভিন্ন টুৰ্ণামেণ্টৰ কথা উল্লেখ কৰাৰ লগতে তেওঁৰ ক্ৰীড়া জীৱনৰ সফলতা সমূহ উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি নিজৰ জন্মস্থানৰ পৰা ফুটবল খেলিবলৈ আৰম্ভ কৰা আব্দুল লটিফে ১৯৬১ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল (অনূৰ্ধব ১৯) ত অংশগ্ৰহণ কৰাৰ উপৰিও ১৯৬২ চনত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰি সন্তোস ট্ৰফী খেলিছিল। ইয়াৰ পিছত ১৯৬৪ ৰ পৰা ১৯৭০ চনলৈ আব্দুল লটিফে তিনিখন ভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। এই সময়ছোৱাত লটিফে পশ্চিমবংগক সন্তোষ ট্ৰফীত পাঁচ বাৰ প্ৰতিনিধিত্ব কৰিছে আৰু ১৯৭৪ চনত অন্ধ্ৰ প্ৰদেশকো প্ৰতিনিধিত্ব কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লটিফে ভাৰতক তিনিবছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ফুটবলত লটিফৰ বৃহৎ সফলতা আছিল ১৯৭০ চনৰ এছিয়ান গেমছত ব্ৰঞ্জ পদক বিজয়।

প্ৰয়াত আব্দুল লটিফে ক্লাব ফুটবলটো অংশগ্ৰহণ কৰিছিল। মোহন বাগান, মোহমেদান স্প’ৰ্টিং ক্লাব আৰু এইছ চি এল আদি আগশাৰীৰ ক্লাবৰ এসময়ৰ সদস্য আছিল। এই কথা অসম ক্ৰিকেট সন্থাই প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

শোক বাৰ্তাত আব্দুল লটিফৰ কেৰিয়াৰ বিভিন্ন প্ৰতিযোগিতাৰ কথা উল্লেখ কৰাৰ উপৰিও আব্দুল লটিফৰ প্ৰশিক্ষক জীৱনৰ বিষয়েও উল্লেখ কৰিছে। আব্দুল লটিফৰ প্ৰশিক্ষণতে অসম ফুটবল দলে ৪ বাৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবলত ফাইনেলত উপনীত হোৱাৰ কথা উল্লেখ কৰিছে।লটিফৰ প্ৰশিক্ষণতে অসমে ১৯৭৮ৰ পৰা ১৯৮০ চনলৈ ধাৰাবাহিক ভাৱে তিনিবাৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবলত চেম্পিয়নৰ খিতাপ দখল কৰিছিল। আনহাতে ১৯৮১ চনত ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া পেঞ্চন লাভ কৰা আব্দুল লটিফৰ বিয়োগত লটিফৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে অসমে এইগৰাকী মহান ক্ৰীড়াবিদক সদায়েই মনত ৰাখিব বুলি শোকবাৰ্তাত উল্লেখ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments