Wednesday, July 6, 2022
HomeNewsশিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ভ্ৰমণ অসম ক্ৰিকেট সন্থাৰ প্ৰতিনিধি দলৰ

শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ভ্ৰমণ অসম ক্ৰিকেট সন্থাৰ প্ৰতিনিধি দলৰ

অলিম্পিয়া প্ৰতিবেদন

বিগত দিনবোৰত অসম ক্ৰিকেট সন্থাক যথেষ্ট সক্ৰিয় ৰূপত দেখা পোৱা গৈছে। ৰাজ্যৰ ক্ৰিকেটৰ অভিভাৱক সন্থাটোৱে ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে বিভিন্ন জিলা পৰিভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

সেই উদেশ্য আগত ৰাখি অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপ সভাপতি পৰীক্ষিত দত্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলে অসমৰ শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা পৰিভ্ৰমণ কৰে। ২৪,২৫ আৰু ২৬ ডিচেম্বৰত জিলাকেইখন ভ্ৰমণ কৰি সন্থাই সংশ্লিষ্ট জিলাকেইখনৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত হয়।

জিলাকেইখনত ক্ৰিকেটৰ পৰিস্থিতি বুজ লোৱাই আছিল এই ভ্ৰমণৰ উদ্দেশ্য। ভ্ৰমণ কালত অসম ক্ৰিকেট সন্থাই জিলাকেইখনত ক্ৰীড়া পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments