আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ নীলয় দত্ত, এ চি এৰ পেনেল আম্পায়াৰ ৰথীন্দ্ৰ চৌধুৰীৰ মৃত্যুত শোক এ চি এৰ

অলিম্পিয়া প্রতিবেদন

যোৱা দুটা দিনত অসমৰ ক্রীড়াক্ষেত্ৰৰ বাবে দুটাকৈ বেয়া খবৰ। শনিবাৰে নিশা অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ তথা দেশৰ আগশাৰীৰ আইনবিদ নীলয় দত্তৰ দেহাৱসানৰ পিছত ৰবিবাৰে পুৱতি নিশা মৃত্যুক আঁকোৱালি লয় ৰথীন্দ্ৰ চৌধুৰীয়েও। শনিবাৰে নিশা বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰা নীলয় দত্তই সেই দিনটোতেই সম্পূৰ্ণ কৰিছিল ৪৬ তম বিবাহ বাৰ্ষিকী। হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় আইনবিদগৰাকীয়ে। দত্ত আছিল অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি। আই পি এল মেচ ফিক্সিং তদন্ত কমিটিৰো সদস্য আছিল প্ৰয়াত দত্ত।

ইপিনে, ৰথীন্দ্ৰ চৌধুৰী আছিল এ চি এৰ প্ৰাক্তন পেনেল আম্পায়াৰ তথা ৰাজ্যৰ এগৰাকী বিশিষ্ট ক্রীড়া সংগঠক। কলকাতাৰ টাটা মেমৰিয়েল মেডিকেল চেণ্টাৰত শেষ নিশ্বাস ত্যাগ কৰা প্ৰয়াত চৌধুৰী দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল।

দুয়োগৰাকী ক্রীড়া সংগঠকৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই দুয়োগৰাকী ব্যক্তিৰ মৃত্যু অসমৰ ক্ৰিকেট ক্ষেত্ৰৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *