Tuesday, October 4, 2022
HomeNewsকোৱাৰেন্টাইন কক্ষৰ বাবে উপলব্ধ হ'ব বর্ষাপাৰা ষ্টেডিয়াম

কোৱাৰেন্টাইন কক্ষৰ বাবে উপলব্ধ হ’ব বর্ষাপাৰা ষ্টেডিয়াম

olympiasports.in

অসম ক্ৰিকেট সন্থা ভয়াৱহ কৰ’না ভাইৰাছৰ সংক্ৰমণ দেশত বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠানে আহিবলগা ভয়াবহতাৰ সৈতে মুকাবিলা কৰিবলৈ সচেষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পত কৰ’নাত আক্ৰান্তসকলৰ বাবে আছুতীয়া কক্ষ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নেহৰু ষ্টেডিয়ামখনো পৰৱৰ্তী পৰ্যায়ত সেই উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাইও বর্ষাপাৰা ষ্টেডিয়ামখন কোৱাৰেন্টাইন কক্ষ নিৰ্মাণৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই এই কথা উল্লেখ কৰি কয় যে সংকটৰ এনে সন্ধিক্ষণত অসম ক্ৰিকেট সন্থাই অসম চৰকাৰক সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments