Sunday, October 2, 2022
HomeNewsঅলিম্পিয়াৰ ফেচবুক লাইভত দেৱজিৎ শ‌ইকীয়াই ক'লে অসম ক্ৰিকেটৰ বৰ্তমান আৰু ভৱিষ্যতৰ কথা...

অলিম্পিয়াৰ ফেচবুক লাইভত দেৱজিৎ শ‌ইকীয়াই ক’লে অসম ক্ৰিকেটৰ বৰ্তমান আৰু ভৱিষ্যতৰ কথা : দিলে বহু আশা

অলিম্পিয়া বিশেষ

✍️ তুষাৰ প্ৰতিম

অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই olympiasports.in ৰ ফেচবুক লাইভত কালি অসম ক্ৰিকেটৰ সম্পৰ্কত বহু কেইটা গুৰুত্বপূৰ্ণ কথা ক্ৰিকেট অনুৰাগীসকলৰ আগত অৱগত কৰিছে। শ‌ইকীয়াই অসম ক্ৰিকেট সন্থাৰ ভৱিষ্যত পৰিকল্পনা, খেলুৱৈৰ বিকাশ, আন্তঃগাঁথনি উন্নতিকৰণ আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰাৰ উপৰিও অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। শ‌ইকীয়াই ফেচবুক লাইভটোৰ জড়িয়তে উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়বোৰৰ কিছু সম্পাদিত ৰূপ আপোনালোকলৈ লিখিত ৰূপত দাঙি ধৰিলোঁ। অৱশ্যে যিসকলে সম্পূৰ্ণ ভিডিঅ’টো পুনৰ চাবলৈ বিচাৰে তেওঁলোকে olymoiasports.in ৰ ফেচবুক পেজত গৈ চাবলৈ সক্ষম হ’ব।

অসম ক্ৰিকেট সন্থাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত কি কৰিলে?

বৰ্তমানৰ কমিটিখনে দায়িত্ব গ্ৰহণৰ সময়ৰে পৰা অসমত নিয়মীয়াকৈ অনুষ্ঠিত নোহোৱা বিভিন্ন ঘৰুৱা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা আৰু আন্তঃগাঁথনি উন্নত কৰাৰ ওপৰত মনোনিবেশ কৰিছিল। বৰ্তমানৰ কমিটিয়ে অনুভৱ কৰিছিল যে আন্তঃগাঁথনি উন্নত নোহোৱাৰ বাবে খেলুৱৈৰ অনুশীলনকে ধৰি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে কমিটিয়ে দায়িত্ব গ্ৰহণকৰাৰ পিছতে সকলো বিষয়ববীয়াই তিনিবছৰীয়া এক ৰ’ড মেপ তৈয়াৰ কৰি লৈছিল। সেয়ে প্ৰথম পৰ্যায়ত অনিয়মীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃজিলা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি অসম ক্ৰিকেট সন্থাই অসমত পোন প্ৰথমবাৰৰ বাবে নিজৰ তত্বাৱধানত ইণ্টাৰ ক্লাব টুৰ্ণামেণ্ট আৰম্ভ কৰিলে। সন্থাৰ অন্তৰ্গত প্ৰতিখন জিলাই আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিলে। এই প্ৰতিযোগিতাত সৰ্বমুঠ ৩২০ ক্লাব আৰু ৬৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে। প্ৰতিযোগিতাখন সুন্দৰকৈ চলি আছিল যদিও চূড়ান্ত পৰ্যায়ৰ খেল কৰ’নাৰ বাবে অনুষ্ঠিত কৰিব পৰা নগ’ল। আনহাতে এইবাৰৰ পৰা আৰম্ভ কৰা দশম শ্ৰেণীৰ পৰ্যায়ৰ লৈকে যিসকল ছাত্র আছে তেওঁলোকক লৈ ইণ্টাৰ স্কুল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিলে। জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ ইতিমধ্যে শেষ হৈছিল যদিও জ’নেল পৰ্যায়ৰ খেলসমূহ কৰ’নাৰ বাবেই অনুষ্ঠিত কৰিব পৰা নগ’ল। ইয়াৰ উপৰিও বাংলাদেশৰ অনূৰ্ধ্ব ১৬ দলটোৰ লগত অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত ৮ খন মেচ অনুষ্ঠিত কৰাৰ কথা আছিল। সকলো ঠিক হৈ যোৱাৰ পাছতো কৰ’নাৰ বাবেই বাতিল কৰিবলগীয়া হ’ল। এইদৰে পুলিন দাস সোঁৱৰণী আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা, আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ইয়াৰ উপৰিও বাংলাদেশৰ লগত অনুষ্ঠিত হ’বলগীয়া মেচ কেইখন বাতিল কৰিবলগীয়া হ’ল। অসম ক্ৰিকেটৰ আন এক বৃহৎ ক্ষতি হ’ল আই পি এল। বহু চেষ্টাৰ মূৰত অসমত আই পি এলৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ ঘোষণা কৰাৰ পিছতো আই পি এল অনুষ্ঠিত কৰিব পৰা নগ’ল। ইয়াৰ মূল কাৰণ হ’ল কৰ’না।

আসাম প্ৰিমিয়াৰ লীগ

“অসম ক্ৰিকেট সন্থাই সংবিধান অনুসৰি ‘আছাম প্ৰিমিয়াৰ লীগ’ অনুষ্ঠিত কৰিব লাগে। ‘আছাম প্ৰিমিয়াৰ লীগ’ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অনুসৰণ। সংবিধান অনুসৰিয়েই অসম ক্ৰিকেট সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ এটা এজেঞ্চি বিচাৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ আধাৰত দিল্লীৰ এক এজেঞ্চি যিয়ে কৰ্ণাটকা প্ৰিমিয়াৰ লীগ, সৌৰাষ্ট্ৰ প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰি আছে তেওঁলোকক দায়িত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত ষ্টাৰ স্প’ৰ্টছত প্ৰতিযোগিতাখন সম্প্ৰচাৰৰ বাবেও সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু তেনে সময়তে এনে কিছুমান বাতৰি প্ৰকাশ হবলৈ ল’লে যে যিবোৰে আমাক পুনৰবাৰ ভাবিবলৈ বাধ্য কৰাই তুলিলে। কৰ্ণাটকা প্ৰিমিয়াৰ লীগৰ লগত জড়িত খেলুৱৈ, কৰ্মচাৰী, কৰ্ণাটকা ক্ৰিকেট ব’ৰ্ডৰ সদস্য আদিক অপৰাধমূলক কৰ্মৰ বাবে আৰক্ষীয়ে জেৰা কৰাৰ উপৰিও গ্ৰেপ্তাৰ কৰিলে। একাংশ আজিও পলাই আছে। তেওঁলোক ক্ৰিকেট বুকীৰ লগত জড়িত হৈ পৰিছিল। এই খবৰে অসম ক্ৰিকেটৰ সভাপতি ৰমেন ডেকাক ভবাই তুলিলে আৰু ময়ো নতুনকৈ ভাবিবলৈ বাধ্য হলোঁ। আমি নতুনকৈ চিন্তা কৰিলোঁ যদি এখন টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি আমাৰ খেলুৱৈসকলক বুকীৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা কৰি দিওঁ তেনে ১০০ জনৰ ৯০ জন ঠিক থাকিব কিন্তু ১০ জন অপৰাধৰ লগত জড়িত হৈ পৰিব। গতিকে আমি পৰিস্থিতি পুনৰ অধ্যয়ন কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা নকৰাক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা চিন্তা কৰিলোঁ।” দেৱজিৎ শইকীয়াই অনুষ্ঠানটোত কয়।

আছাম প্ৰিমিয়াৰ লীগৰ বিকল্প

“আছাম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত নকৰিলেও অসম ক্ৰিকেট সন্থাই স্কুল টুৰ্ণামেণ্ট, ক্লাব টুৰ্ণামেণ্ট আদি অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাৰ প্ৰাইজমানী ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ভাৰতৰ কোনো ৰাজ্যত ইমান বৃহৎ প্ৰাইজমানীৰে ক্লাব টুৰ্ণামেণ্ট অনুষ্ঠিত নকৰে। অসম ক্ৰিকেট সন্থাই এই বৃহৎ ধনৰাশী দিয়াৰ মূল উদ্দেশ্যে হৈছে যাতে অসমৰ ক্লাব বোৰ আগবাঢ়ি আহে। ক্লাব ক্ৰিকেটক গুৰুত্ব দিয়া হৈছে। আজি যদি শ্ৰীলংকাৰ ক্ষেত্ৰত চাই দেখিবলৈ পাব মূল দলটো ক্লাব ক্ৰিকেটৰ পৰা গঠন কৰা হয়। মুম্বাইৰ ৰঞ্জী দলটোৰ সদস্য সকল ক্লাবৰ পৰা আহিছে। আমি আন্তঃজিলা প্ৰতিযোগিতা বহুত পাতিলোঁ কিন্তু ইয়াত প্ৰতিযোগিতামূলক মানসিকতা নাথাকে। কিন্তু ক্লাবত ইয়াৰ সম্পূৰ্ণ বিপৰীত হয়। ক্লাব ক্ৰিকেটত অধিক প্ৰাইজমানী দিলে ক্লাবে ক্ৰিকেটাৰ, প্ৰশিক্ষণ আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। অসম ক্ৰিকেটত এবছৰ আগলৈকে ক্লাব জড়িত নাছিল। অসম ক্ৰিকেটে আন্তঃজিলা আৰু ক্ৰিকেট কচি‌ং চেণ্টাৰ বোৰৰ পৰা পৰা খেলুৱৈ লাভ কৰি আছিল। কিন্তু আমি এতিয়া চেষ্টা কৰিম ক্লাব ক্ৰিকেটক বিকাশ কৰিবলৈ। কাৰণ ক্লাব ক্ৰিকেটৰ পৰা অধিক লাভাম্বিত হ’ব পাৰি। উদাহৰণস্বৰূপে আন্তঃজিলা ক্ৰিকেটত এখন জিলাৰ পৰা মাত্ৰ খুব বেছি ২০ জনে খেলিবলৈ সুবিধা পাই। সেই ২০ জনৰ পৰাই ৰাজ্যিক দললৈ সাম্ভাব্য খেলুৱৈবোৰ নিৰ্বাচিত হয়। কিন্তু যেতিয়া ক্লাব ক্ৰিকেটৰ ডাটা পৰ্যবেক্ষণ কৰা হ’ল, চিলেক্তৰে ক্লাবৰ ক্ৰিকেটতো চাবলৈ ল’লে তেতিয়া দেখা গ’ল যে এখন জিলাত যদি ১০ টা ক্লাবক খেলিবলৈ দিয়া হ’ল আৰু এটা ক্লাবত ১৫ জন খেলুৱৈ জড়িত থাকে তেনে ১৫০ খেলুৱৈয়ে খেলিবলৈ সুবিধা পাব। অৰ্থাৎ আমি যেতিয়া ৰাজ্যিক দলৰ সম্ভাৱ্য খেলুৱৈ নিৰ্বাচিত কৰিছিলো তেতিয়া ২০ টা ল’ৰা চাইছিলোঁ কিন্তু ক্লাব ক্ৰিকেট অহাৰ লগে লগে ১৫০ ল’ৰা চাব লাগিব মাত্ৰ এখন জিলাৰ পৰা।”

বৰ্ষাপাৰাৰ উপৰিও অন্য জিলাৰ ষ্টেডিয়ামত ৰঞ্জী মেচ অনুষ্ঠিত নোহোৱাৰ কাৰণ আৰু এন এফ ৰেলৱে ষ্টেডিয়ামক লৈ কৰা পৰিকল্পনা

“অসম ৰঞ্জী ট্ৰফীত অসমৰ বৰ্ষাপাৰাৰা উপৰিও ডিব্ৰুগড়, যোৰহাট আদি সকলোতে ৰঞ্জী মেচ অনুষ্ঠিত হৈছিল। কিন্তু দুবছৰ আগতে কিছু খেলিমেলিৰ বাবে ৬ খন জিলা মঙলদৈ, যোৰহাট, ডিব্ৰুগড়, গোৱালপাৰা আদিত উত্তৰ পূবৰ অন্য ৰাজ্য কেইখনে ৰঞ্জী মেচ অনুষ্ঠিত কৰিবলৈ ধৰিলে। বিচিচিআইয়ে উত্তৰ পূবৰ সকলো ৰাজ্যক স্বীকৃতি প্ৰদান কৰাৰ লগেতে এই কেইখন জিলাত তেওঁলোকৰ মেচ অনুষ্ঠিত কৰিবলৈ এক চুক্তি স্বাক্ষৰ কৰাই ল’লে। যাৰ বাবে এই ৬ খন জিলাত অসমৰ বাহিৰে অন্য ৰাজ্য কেইখনে মেচ অনুষ্ঠিত কৰে। কিন্তু আগন্তুক দুবছৰত এই কেইখন জিলা পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিম। আনহাতে এন এফ ৰেলৱে খেল পথাৰক পুনৰ আগৰ পৰ্যায়লৈ লৈ যোৱাৰো এক চেষ্টা চলি আছে। খেল পথাৰখনত বহু ৰঞ্জী ট্ৰফীৰ মেচ অনুষ্ঠিত হৈ গ’ল, য’ত অসমে খুব ভাল প্ৰদৰ্শন কৰিছিল। অসমৰ বলিং লাইন আপ খুব ভাল আৰু এই খেল পথাৰখনৰ উইকেট খুব ভাল, বাউঞ্চি উইকেট আৰু ই অসমক সহায় কৰে গতিকে আগন্তুক দিনত পুনৰ এই খেলপথাৰক অসমৰ ৰঞ্জী মেপত সোমোৱাবলৈ চেষ্টা কৰিম।”

ফেচবুক লাইভৰ সময়ত দেৱজিৎ শ‌ইকীয়া

আই পি এলত অসমীয়া খেলুৱৈ

ৰিয়ান পৰাগে আই পি এল খেলি আছে। ইয়াৰ উপৰিও মুখটাৰ হুছেইন, ৰাজকুদ্দিন, অৰূপ দাস,প্ৰিতম দাস এই কেইগৰাকীৰ লগতে আৰু দুই তিনিজনক আমি আই পি এলৰ ট্ৰাইয়েললৈ পঠিয়াইছো। খুব সোনকালে ৰিয়ানৰ উপৰিও আৰু দুই তিনিজনে আই পি এলত খেলিবলৈ সুযোগ লাভ কৰিব।”

লকডাউনত ক্ৰিকেটাৰৰ অনুশীলন

“খেলুৱৈসকলে ঘৰত থাকি ক্ৰিকেট কিমান শিকিব সেয়া নাজানোঁ কিন্তু ফিটনেছ মেইণ্টেইন কৰিব‌ই লাগিব। তেওঁলোকৰ ফিটনেছ যিহেতু আছেই গতিকে ইয়াক বিভিন্ন শাৰীৰিক অনুশীলনৰ জৰিয়তে অটুট ৰখাটো অতি জৰুৰী। আনহাতে খেলুৱৈৰ মানসিক শক্তি বৃদ্ধিৰ ভাৱে অসম ক্ৰিকেট সন্থাই শীঘ্ৰেই‌ নিৰ্দিষ্ট ব্যক্তিৰ জৰিয়তে motivational speech ৰ ব্যৱস্থা কৰিব।”

গাংগুলী, শচীন, বিনোদ কাম্বলি, অজয় জাদেজাৰ লগত খেলাৰ স্মৃতি

“বিজয় হাজাৰে খেলাৰ সময়ত আমাৰ লগত সৌৰভ গাংগুলী আছিল। তেওঁ ৬ নম্বৰত বেটিং কৰিছিল মই ৫ নম্বৰত বেটিং কৰিছিলোঁ। এইবোৰ কথা ক’লে মানুহে এতিয়া হাঁহিব। আমাৰ বিপৰীতে আছিল ৱেষ্ট জ’নত শচীন তেণ্ডুলকাৰ, বিনোদ কাম্বলি আদি আছিল তেওঁলোকক পৰাস্ত কৰিছিলোঁ। ফাইনেলত আমি নৰ্থ জ’নক পৰাস্ত কৰিছিলোঁ। সেই দলত অজয় জাদেজা, নয়ন মংগীয়া আদি আছিল। এইবোৰ ১৯৮৯-৯০ ৰ সময়ৰ কথা। সেইবোৰ আৰু আলোচনা কৰিব বিচৰা নাই। আমি এতিয়া অসমৰ ক্ৰিকেট, ক্ৰিকেটাৰৰ ওপৰত হে আলোচনা কৰিছোঁ।”

খেলুৱৈৰ উন্নত প্ৰশিক্ষণ

“ক্ৰিকেট বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই অসমৰ সকলো অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৮, অনূৰ্ধ্ব ২৩ আৰু ৰঞ্জী এই সকলো পৰ্যায়ৰ পৰা অতি কমেও ১০ গৰাকী ক্ৰিকেটাৰক মুম্বাইলৈ পঠিওৱাৰ ব্যৱস্থা কৰিম‌। য’ত উন্নত প্ৰশিক্ষণ, টেকনিক গ্ৰহণ কৰাৰ উপৰিও টাফ মেচ যাতে খেলিবলৈ সুযোগ লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম। যাতে বিচিচিআইৰ বিভিন্ন প্ৰতিযোগিতা খেলাৰ ক্ষেত্ৰত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়। আনহাতে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত অসমতো উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

অসমৰ মহিলা ক্ৰিকেট

বিগত এবছৰ ধৰি অসম মহিলা ক্ৰিকেটৰ বাবে আমি বিশেষ একো কৰিব পৰা নাই। আমি ইতিমধ্যে অসম মহিলা ক্ৰিকেটৰ নাজৰিন আহমেদ আৰু অন্যান্য মহিলা ক্ৰিকেট কমিটিৰ লগত আলোচনা কৰিছোঁ। আমি কিছুমান জ’নেল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছোঁ। বৰ্তমান মহিলা ক্ৰিকেটত আন্তঃজিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অৱস্থাত নাই। কাৰণ বহু জিলাৰ প্ৰয়োজনীয় ১১ গৰাকী খেলুৱৈয়েই নাই। অৱশ্যে এবছৰৰ পিছত ইয়াৰো পৰিবৰ্তন হ’ব। আমি পুৰুষ ক্ৰিকেটৰ লগতে মহিলা ক্ৰিকেটতো সমানে গুৰুত্ব প্ৰদান কৰিছোঁ।

বৰ্ষাপাৰা ষ্টেডিয়াম টেষ্ট ভেন্যুলৈ পৰিণত হ’বনেকি!

“বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক টেষ্ট ভেন্যুলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা চলি আছে। অসম ক্ৰিকেটে নেহেৰু ষ্টেডিয়ামত ১৯৮৩ ৰ পৰা ২০১১ চনলৈকে বহু মেচ অনুষ্ঠিত কৰিলে। ২০১৭ ৰ পৰা বৰ্তমানলৈকে ৬/৭ খন আন্তঃৰাষ্ট্ৰীয় মেচ বৰ্ষাপাৰাত অনুষ্ঠিত কৰিছে।এইসকলো বোৰ ৫০ অভাৰ, ২০ অভাৰৰ মেচ। কিন্তু বৰ্তমানলৈকে বৰ্ষাপাৰাত কোনোধৰণৰ দীঘলীয়া মেচ অনুষ্ঠিত কৰা নাই। অৱশ্যে ৰঞ্জী মেচ অনুষ্ঠিত কৰি থকা হৈছে। আমি বিচিচিআইলৈ আৰ্জি প্ৰেৰণ কৰিছোঁ যাতে অসমে টেষ্ট মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰে। ক্ৰিকেট কেলেণ্ডাৰ অনুসৰি ভ ২০২০ বৰ্ষত ভাৰতত বিশেষ টেষ্ট মেচৰ সূচী নাই। কিন্তু ২০২১ চনত ইংলেণ্ডে ভাৰত ভ্ৰমণ কৰিব। আমি আশা কৰোঁ সৌৰভ গাংগুলী আৰু জয় শ্বাহ ডাঙৰীয়াই অসম ক্ৰিকেটক কেইখনমান টেষ্ট মেচ অনুষ্ঠিত কৰাৰ সুযোগ প্ৰদান কৰিব। আমি দুয়োগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। কৰ’না মহামাৰীয়ে দেখা নিদিয়া হ’লে ষ্টেডিয়ামৰ সুযোগ সুবিধা বোৰ চাবলৈ নিশ্চয় কাৰিকৰী বিশেষজ্ঞষকল আহিল হয়। টেষ্ট মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেৱল বিচিচিআইৰ স্বীকৃতি লাভ কৰিলেই নহ’ব। আইচিচিয়েও টেষ্ট মেচ অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাব লাগিব। আমি চেষ্টা কৰি আছোঁ। ২০২১ বা দুই তিনি বছৰ পিছত অসমে টেষ্ট মেচ অনুষ্ঠিত কৰিব পাৰিব। অসম ক্ৰিকেট সন্থাই টেষ্ট মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাৰ ক্ষেত্ৰত দুটা যোগাত্মক দিশ আছে। যেতিয়াই গুৱাহাটীত মেচ অনুষ্ঠিত হয় তেতিয়া ষ্টেডিয়াম দৰ্শকে ভৰি পৰে। আনহাতে চুবুৰীয়া ঝাৰখণ্ডত শেহতীয়াকৈ মেচ অনুষ্ঠিত হ‌ওতে দৰ্শকৰ উপস্থিতি একেবাৰে সেৰেঙা আছিল। যাৰ বাবে ঝাৰখণ্ডে আৰু টেষ্ট মেচ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া অৱশ্যে সংবাদ মাধ্যমৰ পৰা লাভ কৰাহে খবৰ। যদি সেয়াই সত্য হয় তেনে অসমে সুযোগ লাভ কৰিব। কাৰণ আমাৰ সকলো ক্ৰিকেটক লৈ আগ্ৰহী।

শ‌ইকীয়াৰ কাৰ্যকালত ভাৰতীয় দলত অসমৰ খেলুৱৈয়ে স্থান পাবনে
“আমি ক্ৰিকেটাৰসকলক এক প্লেটফৰ্ম দিব পাৰোঁ আৰু তেওঁলোকে উন্নত প্ৰদৰ্শন কৰিলে য’ত যেনেধৰণে প্ৰজেক্ট কৰিব লাগে তেনেদৰে কৰিব পাৰোঁ। আজিৰ তাৰিখত আমাৰ হাতত তেনেকুৱা তিনি চাৰিজন খেলুৱৈ আছে আমাৰ লগত। তেওঁলোকৰ ভিতৰত ৰিয়ান পৰাগ, মুক্তাৰ, ৰজক‌উদ্দিন, ৰাহুল সিং, প্ৰীতম দাস আদি আছে। এইসকল প্ৰতিভাৱান ক্ৰিকেটাৰক এটা পৰ্যায়লৈকে আমি আগুৱাই নিব পাৰিম, তাৰ পিছত তেওঁলোকে ফিল্ডৰ মাজত ৰান সংগ্ৰহ কৰিব পাৰিব লাগিব, উইকেট দখল কৰিব পাৰিব লাগিব। আজিৰ তাৰিখত ভাৰতীয় দলত বেটছমেন হিচাপে স্থান লাভ কৰিবলৈ কিমান ৰান সংগ্ৰহ কৰিব লাগিব সেয়া সঞ্জু চেমচন, শ্ৰেয়াস আয়াৰ আদিয়ে কিমান ৰান সংগ্ৰহ কৰিছে তালৈ লক্ষ্য কৰিলেই গম পাব পাৰি। বলিঙত তিনিবছৰ আগতে কৃষ্ণ দাসে আটাইতকৈ বেছি উইকেট সংগ্ৰহ কৰিছিল। সেইবছৰ যদি বিচিচিআইত উচ্চতম ন্যায়ালয়ৰ গোচৰক লৈ খেলিমেলি নহ’ল হয় তেনে কৃষ্ণ দাসে ভাৰতীয় দলত স্থান লাভ কৰিলেহয়। সেই সময়ত অসম ক্ৰিকেটৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা আছিল, বিচিচিআইত অনুৰাগ ঠাকুৰ আছিল। কৃষ্ণৰ হৈ আমি বিভিন্ন ঠাইত মাত মাতিছিলো, দৰ্খাস্ত দিছিলোঁ। সেই সময়তে আকৌ অনূৰ্ধ্ব ১৯ দলত ৰিয়ান পৰাগক কোনোবা এটা ভ্ৰমণসূচীত স্থান দিয়া নাছিল আমি তেতিয়া নেচনেল মিডিয়াত এটা ইছ্যু তৈয়াৰ কৰি দিছিলো। ফলত তাৰ পিছৰ ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলত স্থান লাভ কৰিলে আৰু চাৰিটা ইনিংছত চাৰিটা অৰ্ধশতক সংগ্ৰহ কৰিলে। এনেদৰেই অসম ক্ৰিকেট সন্থাই যেনেদৰে যি কৰিব লাগে সকলো কৰি আছে। আমি আশা কৰোঁ আজিৰ তাৰিখত যিসকলে ভাল খেদি আছে তেওঁলোকে আৰু ভাল খেলক, তেওঁলোকৰ বাবে আমি যি কৰিব লাগে সকলো কৰিম।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments