Sunday, October 2, 2022
HomeNewsঅসম ক্ৰিকেটত চাকৰি

অসম ক্ৰিকেটত চাকৰি

অলিম্পিয়া প্ৰতিবেদন

নিবনুৱা সকলৰ বাবে সুখবৰ। অসম ক্ৰিকেট সন্থাত বহুকেইটা পদৰ বাবে আৱেদন বিচৰা হৈছে। সেই অনুসৰি, বিত্তীয় বিভাগত মেনেজাৰ পদৰ বাবে আৱেদন বিচৰা হৈছে। উক্ত পদৰ বাবে আৱদেনকাৰী এম বি এ অথবা এম কম ডিগ্ৰীধাৰী হ’ব লাগিব। সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীজনৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়। প্ৰাৰ্থীৰ উচ্চতম বয়সৰ সীমা ৫০ বছৰ। দৰমহাৰ নিৰীখ ৫০ হাজাৰ।

ইয়াৰোপৰি, ক্ৰিকেট অপাৰেচন মেনেজাৰৰ বাবেও আৱেদন পত্ৰ বিচৰা হৈছে। উক্ত পদৰ বাবে প্ৰাৰ্থীৰ বি চি চি আইৰ নীতি-নিয়ম, পৰিচালনা সম্পৰ্কে জ্ঞান থকাটো বাঞ্চনীয়। উল্লেখযোগ্য যে অসমৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব। প্ৰাৰ্থীৰ উচ্চতম বয়সৰ সীমা ৪৫ বছৰ। দৰমহাৰ নীৰিখ ৪০,০০০ ।

মিডিয়া ৰিলেশ্বন অফিচাৰৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে সৃষ্টিশীল মনৰ অধিকাৰী হোৱাটো বাঞ্চনীয়। তাৰোপৰি প্ৰাৰ্থীৰ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ ওপৰতে দখল থকাটো জৰুৰী। এই পদৰ বাবে বয়সৰ কোনো সীমাবদ্ধতা নাই। মাহিলী দৰমহা ২২,০০০ টকা।

অফিচ এচিছষ্টেণ্টৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা স্নাতক হোৱাৰ লগতে প্ৰাৰ্থীৰ কম্পিউটাৰ আৰু প্ৰশাসনিক বিষয়ৰ জ্ঞান থকাটো বাঞ্চনীয়। বয়সৰ উচ্চতম সীমা ৪০ বছৰ। দৰমহাৰ নিৰীখ ২২,০০০।

ইয়াৰোপৰি, অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত থকা কেণ্টিনৰ বাবে কেটাৰিং আৰু ৰেস্তোৰাঁ মেনেজাৰ, হেড শ্বেফ, কুক, ৱেইটাৰ আদিৰ বাবে আৱেদন বিচৰা হৈছে। আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ ১১ ছেপ্টেম্বৰ। ইচ্ছুক প্ৰাৰ্থীয়ে অধিক জানিবলৈ অসম ক্ৰিকেট সন্থাৰ ৱেবচাইট www.assamcricket.com ত ক্লিক কৰিব পাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments