Tuesday, October 4, 2022
HomeNewsমনত আছেনে অসম ক্ৰিকেটৰ প্ৰশিক্ষক সনৎ কুমাৰক : অসুস্থ সনৎ কুমাৰে ক'লে...

মনত আছেনে অসম ক্ৰিকেটৰ প্ৰশিক্ষক সনৎ কুমাৰক : অসুস্থ সনৎ কুমাৰে ক’লে বহু কথা

Olympiasports.in

অলিম্পিয়া বাৰ্তা

২০১৪-১৫ ৰঞ্জী ট্ৰফীত অসমে ছেমি ফাইনেল খেলি এক নতুন অধ্যায়ৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। অসম ক্ৰিকেটৰ এই উত্তৰণৰ আঁৰত আছিল এগৰাকী সুদক্ষ প্ৰশিক্ষক। এই প্ৰশিক্ষক গৰাকী আছিল সনৎ কুমাৰ। অসম ক্ৰিকেটৰ এইগৰাকী প্ৰাক্তন প্ৰশিক্ষকে লকডাউনৰ এই সময়ছোৱাত ক্ৰিকেটাৰসকলক মানসিকভাৱে শক্তিশালী কৰি ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰিছে।

অসম ক্ৰিকেটৰ দুটা কাৰ্যকালত মুঠ ছবছৰ প্ৰশিক্ষণ প্ৰদান কৰা সনৎ কুমাৰে ক্ৰিকেটাৰ সকলক এই লকডাউনৰ সময়ছোৱাত মানসিকভাৱে শক্তিশালী কৰি ৰখাৰ লগতে তেওঁলোকৰ ফিটনেছৰ দিশত নজৰ দিব লাগিব বুলি কৈছে। তেওঁৰ মতে ‘অসমৰ খেলুৱৈসকল প্ৰতিভাশালী। খেলুৱৈসকলক মটিভেট কৰি ৰাখিব লাগিব। আচল অৰ্থত এইসকলৰ ‘এটিটিউড’ত বিশ্বাস ৰাখি ক্ৰিকেটাৰসকলক পূৰ্ণমাত্ৰাই উজ্জীৱিত কৰাৰ চেষ্টা কৰিলেই মিঠা ফল পোৱা যাব। কাৰণ খেলুৱৈসকলৰ দলৰ প্ৰতি থকা ‘কমিটমেণ্ট’ঈৰ্ষণীয়। এই দিশবোৰত গুৰুত্ব দিয়েই মই ছটা বছৰ দলটোৰ সৈতে একাত্মতা গঢ়ি তুৰিছিলো। ফলো পাইছোঁ। মই তেওঁলোকৰ খেলত স্বাধীনতা পূৰ্ণমাত্ৰাই দিছিলোঁ। খেলুৱৈৰ খেলত হস্তক্ষেপ মোৰ অভিধানত নাছিল। তেওঁলোকৰ কৰ্মতৎপৰতা, ব্যৱহাৰ আৰু দলৰ প্ৰতি থকা দায়িত্বত অকণো সন্দেহ নাছিল। প্ৰতিগৰাকীয়েই প্ৰতিভাৱান আছিল। গতিকে দলটোৱে ফল পাইছিল।’

কৃষ্ণ দাসৰ সৈতে সনৎ কুমাৰ

আনহাতে অসমৰ খেলুৱৈৰ প্ৰসংগত সনৎ কুমাৰে কয় যে ‘গকুল অধিনায়ক হিচাপে কৌশলী আৰু পৰিপক্ক। তেওঁ বেটছমেন হিচাপেও দক্ষ আছিল। অলৰাউণ্ডাৰ হিচাপে স্বৰূপম, বলাৰ হিচাপে অৰূপ, কৃষ্ণ আৰু বেটছমেন তথা শ্লিপছত ফিল্ডাৰ হিচাপে তাৰজিন্দৰ দক্ষ আছিল। প্ৰতিগৰাকীৰ প্ৰতিভাই কৌশল ৰচনাত মোক সকাহ দিছিল। মুঠ কথাত সেই সময়ত মোৰ অধিনত খেলা দলটোৰ প্ৰতিগৰাকী দক্ষ সেনা। এইসকলক তেতিয়া প্ৰয়োজন হৈছিল অনুপ্ৰেৰণা, ইতিবাচক পৰামৰ্শ আৰু অধিক সুবিধা।’

আনহাতে অসমৰ ক্ৰিকেট ক্ষেত্ৰখনৰ বিষয়ত সনৎ কুমাৰে কয় ‘অসমৰ ক্ৰিকেট আৰু অধিক উন্নতিৰ বাটত খোজকাঢ়িবলৈ কিছু কৰিব লাগিব। পূৰ্বৰ তুলনাত অসমত সুবিধা, আন্তঃগাঁথনি উন্নত হৈছে কিন্তু সেয়া পৰ্যাপ্ত নহয়। এতিয়াও অসমৰ ক্ৰিকেটৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত কমেও পাঁচখন ভাল উন্নত ক্ৰিকেট খেলপথাৰৰ প্ৰয়োজন। য’ত উঠি অহা প্ৰজন্মই খেলিব পাৰিব মূৰ নোতোলাকৈ। একেদৰে ক্ৰিকেটৰ এক সংহত সূচী ঠিক কৰিব লাগিব। অসমৰ বতৰে বৰ্ষটোৰ বহুদিন বিধি-পথালি দিয়ে, সেইবাবেই প্ৰয়োজন ইনড’ৰ ক্ৰিকেটৰ অপৰ্যাপ্ত সা-সুবিধা আৰু ইয়াৰ লগতে প্ৰেক্টিছ উইকেটো থাকিব লাগিব। যাতে খেলুৱৈসকলে কোনো অসুবিধা নোপোৱাকৈ খেলিব পাৰে, নিজৰ ক্ৰিকেট শক্তিক জুখিব পাৰিব। তেতিয়া অসম ক্ৰিকেটে আৰু অধিক জকমকীয়া হৈ ফুলিব পাৰিব।’

ইয়াৰ উপৰিও তেওঁ অসম ক্ৰিকেটলৈ এক বিশেষ পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ মতে ‘বৰ্ষটোৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবে দল নিৰ্বাচনৰ পদ্ধতিত ধাৰাবাহিকতা থকাটো একান্তই প্ৰয়োজন।’

উল্লেখ্য যে অসম ক্ৰিকেটৰ পূৰ্বৰ প্ৰশিক্ষক এই গৰাকী সনৎ কুমাৰ বিগত বৰ্ষৰ জানুৱাৰী মাহত ষ্ট্ৰোক হৈ অসুস্থ হৈ পৰিছিল। কিছুদিন চিকিৎসালয়ত কটোৱাৰ পিছত ক্ৰমাত সুস্থ হৈ পৰিছে অসম ক্ৰিকটৰ প্ৰাক্তন প্ৰশিক্ষক গৰাকী। বৰ্তমান তেওঁ নিজৰ বাসগৃহতে ফিজিঅ’ৰ তত্ত্বাৱধানত খোজকাঢ়িবলৈও আৰম্ভ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments