Tuesday, October 4, 2022
HomeNewsঅসম ফুটবল সন্থাৰ আটকধুনীয়া কাৰ্যালয় মুকলি

অসম ফুটবল সন্থাৰ আটকধুনীয়া কাৰ্যালয় মুকলি

অলিম্পিয়া প্ৰতিবেদন

সলনি হ’ল অসম ফুটবল সন্থাৰ ঠিকনা । ১৯৪৬ চনতে গঠন হোৱা অসম ফুটবল সন্থাই অসম চৰকাৰৰ বৰ্ড অফ স্পৰ্টছৰ অধীনৰ নেহৰু ষ্টেডিয়ামৰ গেলেৰীৰ তলৰ কোঠাৰ পৰাই কেইবা দশক ধৰি কাৰ্যালয়ৰ কামকাজ চলাই নিছিল । ২০১৯ চনৰ ২৪ মাৰ্চত নিৰ্বাচিত বৰ্তমানৰ সভাপতি নৱ কুমাৰ দলে নেতৃত্বাধীন সমিতিখনে দায়িত্বভাৰ লোৱাৰ পাছতে সভাপতিৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল এক উন্নত মানৰ কাৰ্যালয় নিৰ্মাণ কৰা । সেই প্ৰতিশ্ৰুতিমৰ্মে সভাপতিৰ একক আশাসুধীয়া প্ৰচেষ্টাৰ বলত এক উন্নত মানদণ্ডৰ কাৰ্যালয় দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ক্ৰীড়াঙ্গনৰ দ্বিতীয় মহলাত কাৰ্যালয় নিৰ্মাণ কৰি উলিওৱা হয় । যোৱা ২৩ মাৰ্চত ভকত বৈঞ্চৱসকলে শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাম-প্ৰসংগ আৰু কীৰ্ত্তন পাঠেৰে মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পাছত ২৪ মাৰ্চত ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল জজ ফিল্ডত উদ্ধোধনৰ দিনাই অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেই সন্থাৰ বিষয়ববীয়া তথা ৰাইজৰ উপস্থিতিত নৱনিৰ্মিত কাৰ্যালয়টো ফিটা কাটি উদ্ধোধন কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments