Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত ফুটবলৰ শ্মশান যাত্রা! অহা দেওবাৰে কঁপিব গুৱাহাটী

গুৱাহাটীত ফুটবলৰ শ্মশান যাত্রা! অহা দেওবাৰে কঁপিব গুৱাহাটী

অলিম্পিয়া প্ৰতিবেদন

পৃথিৱীৰ ভিতৰতে ৰাজকীয় খেলা বুলি কোৱা হয় ফুটবলক । খোদ গুৱাহাটীত আৰম্ভ ফুটবলৰ শ্মশান যাত্রা । ধোঁৱা চাঙত অসম চৰকাৰৰ ক্ৰীড়াৰ ৰাজধানীৰ সপোন । এখন খেলপথাৰৰ বাবে হাবাথুৰি খাইছে ৩০ টা ক্লাবৰ খেলুৱৈয়ে । দেওবাৰে ফুটবলাৰৰ প্ৰতিবাদত কঁপিব মহানগৰী ।

ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামৰ জন্ম হৈছে ফ্ৰান্সিছ বৰুৱা, এলেন দেউৰী, দুৰ্গা বড়োৰ দৰে বহু আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈৰ । পিছে এনে ষ্টেডিয়ামতে এলাগি হৈছে ফুটবলাৰসকল । দৈনিক অনুশীলনৰ বাবে তেওঁলোকৰ বাবে নাই কোনো ঠাই । কেতিয়াবা যদি বালিত অনুশীলন কৰিব লগা তেতিয়াবা আকৌ ৰাস্তাত । খেলপথাৰৰ অভাৱত কলিতে মৰহিছে গুৱাহাটীৰ ৩০ টাকৈ ক্লাব ।

বুধবাৰে ৰাধাগোবিন্দ বৰুৱা প্ৰকল্পৰ গুৱাহাটী ইয়ংষ্টাৰ ফুটবল কোচিং চেন্টাৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ল এক অবাঞ্চিত সংবাদমেল । নেহৰু ষ্টেডিয়ামক ফুটবলৰ বাবে এৰি দিবলৈ কৰযোৰে মুখ্যমন্ত্ৰীক অনুৰোধ জনালে গুৱাহাটী ইয়ংষ্টাৰ ফুটবল ক’চিং চেন্টাৰৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ হেম দাসে ।

এই সংবাদমেলতে লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা দেওবাৰ অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত অসমৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰসকল সমৱেত হৈ টি চি স্কুলৰ সমীপৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰূপায়ন কৰিব এক প্ৰতিবাদী কাৰ্যসূচীৰ । এই কথা জনালে ইউনাইটেড বাদাৰৰ্ছ ক্লাবৰ সক্ৰিয় সদস্য আৰমান আলিয়ে ।

বিগত কেইবাবছৰ ধৰি চৰকাৰক এই সন্দৰ্ভত আবেদন নিবেদন কৰিও সেয়া অৰণ্যৰোদনত পৰিণত হ’ল । খেলপথাৰৰ অভাৱৰ বাবেই বৰদলৈ ট্ৰফীৰ দলে খেলো গুৱাহাটীত অনুষ্ঠিত হোৱা নাই বুলি মন্তব্য কৰে প্ৰশিক্ষক হেম দাসে ।

এই ক্ষেত্ৰত অসম ফুটবল সন্থাৰ ভূমিকাও নিৰাশাজনক বুলি অভিযোগ কৰে জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবলত অসমক প্ৰতিনিধিত্ব কৰা হেম দাসে । নানান বিস্ফোৰক অভিযোগ তুলিলে অসম ফুটবল সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষৰ বিৰুদ্ধে ।

আনহাতে, এনে দুৰৱস্থাত অনুশীলনৰ কথা ক’বলৈ লজ্জাবোধ কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দুৰ্গা বড়োয়ে ।

ফুটবলৰ বাবে গুৱাহাটীত খেলপথাৰ নথকাৰ বাবে অনুষ্ঠিত হোৱা নাই লীগ বা প্ৰতিযোগিতা । ইয়াৰ বিপৰীত ছবি মিজোৰাম অথবা মেঘালয়ত । এই কথা দোহাৰিলে আই এছ এলৰ প্ৰাথমিক ছিজনবোৰত দুৰ্দান্ত ক্ৰীড়া শৈলীৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা ফুটবলাৰ দুৰ্গা বড়োয়ে ।

এটেনচন অসমৰ ক্ৰীড়া বিভাগ তথা বিমল বৰা ডাঙৰীয়া । অসমৰ ৰাজধানী দিছপুৰতে এই অৱস্হা, তেন্তে বাকী ঠাইক লৈ ৰাইজে ফুটবলক লৈ কি আশা কৰিব পাৰে ?

অসমত খেলৰ উন্নতিৰ ঢাক -ঢোল বজোৱাতকৈ এইসকল খেলুৱৈৰ বাবে কৰক ব্যৱস্থা । নহলে বহু পলম হৈ যাব গুৱাহাটী তথা অসমক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments