Sunday, October 2, 2022
HomeNewsঅলিম্পিকলৈ নিৰ্বাচিত লাভলীনালৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য্য

অলিম্পিকলৈ নিৰ্বাচিত লাভলীনালৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য্য

অসমৰ প্ৰতিভাশীল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ‌ লাভলিনা বৰগোহাঁই আগন্তুক ২০২০ টকিঅ’ অলিম্পিকত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে। লাভলিনাই হৈছে যিকোনো অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা লাভ কৰা অসমৰ প্ৰথম মহিলা খেলুৱৈ। বুধবাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, ড° হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈগৰাকীক জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কন্‌ফাৰেন্স হলত সম্বৰ্ধনা জনায়। ২০২০ টকিঅ’ অলিম্পিকৰ বাবে নিজকে সাজু কৰি তুলিবলৈ অসমৰ সংহত ক্ৰীড়া নীতি (২০১৭-১৮)-ৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীয়ে ৫ লাখ টকাৰ এখন চেক্‌ প্ৰদান কৰে। তাৰোপৰি সৌ সিদিনা ডুবাইত অনুষ্ঠিত ‘এছিয়ান বক্সিং চেম্পিয়নশ্বিপ’ত লাভলিনাই ব্ৰঞ্জৰ পদক জিনিবলৈ সক্ষম হোৱাৰ বাবে উল্লেখিত ক্ৰীড়া নীতিৰেই অধীনত ২ লাখ টকাৰ এখন চেক্‌ আৰ্থিক পুৰস্কাৰ হিচাবে আগবঢ়ায়।

স্মৰ্তব্য যে, লাভলিনাৰ অনুপস্থিতিত পিতৃ শ্ৰী টিকেন বৰগোহাঁইয়ে চেক্‌দুখন মাননীয় মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগ, অসমৰ মাননীয় মন্ত্ৰী, শ্ৰী বিমল বড়া; সৰুপথাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক, শ্ৰী বিশ্বজিত ফুকন; ৰাজ্যিক উপদেষ্টা সমিতি, ক্ৰীড়া আৰু যুৱ-কল্যাণ, অসমৰ মাননীয় সদস্য সচিব, শ্ৰী লক্ষ্য কোঁৱৰ; ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগ, অসমৰ আয়ুক্ত ও সচিব, শ্ৰী মলয় বৰা; সঞ্চালক, শ্ৰী পৱিত্ৰ ৰাম খাউণ্ড; যুটীয়া সচিব, শ্ৰী ৰণুজ বৰকটকী তথা বিভাগীয় অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments