Wednesday, July 6, 2022
HomeNewsগোলাঘাট ইনড'ৰ ষ্টেডিয়ামলৈ ৰাজ্য চৰকাৰৰ ৮ কোটি

গোলাঘাট ইনড’ৰ ষ্টেডিয়ামলৈ ৰাজ্য চৰকাৰৰ ৮ কোটি

অলিম্পিয়া প্ৰতিবেদন

গোলাঘাট ষ্টেডিয়ামত বৃহস্পতিবাৰে আয়োজন কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগে ষ্টেডিয়ামৰ নিৰ্মীয়মান ইনড’ৰ ষ্টেডিয়ামৰ বাবে ৮ কোটি ১৪ লাখ টকাৰ অনুদান ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে ক্ৰীড়াৰ উন্নয়ন আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে গোলাঘাটবাসী বিশেষকৈ ক্ৰীড়ানুৰাগীসকলে ভূয়সী প্ৰশংসা কৰে।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ আৰম্ভণিতে সকলোকে আদৰণি জনোৱাৰ লগতে বিগত সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে আগবঢ়াই অহা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সভাত উপস্থিত থাকি উদগণিমূলক বক্তব্য আগবঢ়ায়।ক্রীড়া সস্থাৰ সভাপতি ড: অজিত বৰুৱাই কৰ্য্যক্ৰমনিকাৰ বিতং তথ্য দাঙি ধৰে। জিলা ক্রীড়া সস্থাৰ উপ সভাপতি সহিতে অন্যান্য বিষয়ববীয়া উপস্থিত থকা সভাখনত শতাধিক খেলুৱৈ উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments