Wednesday, October 5, 2022
HomeNewsঅসম হকীৰ নতুন সমিতি গঠন:পুনৰ মন্ত্ৰী কেশৱ মহন্ত সভাপতি, তপন কুমাৰ দাস...

অসম হকীৰ নতুন সমিতি গঠন:পুনৰ মন্ত্ৰী কেশৱ মহন্ত সভাপতি, তপন কুমাৰ দাস সম্পাদক নিৰ্বাচিত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

ৰাজ্যৰ মন্ত্ৰী কেশৱ মহন্ত পুনৰ সভাপতি আৰু হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস পুনৰ অসম হকীৰ সম্পাদকৰূপে আগন্তুক কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে । নগাঁও জিলাৰ আমনিত দেওবাৰে অনুষ্ঠিত অসম হকীৰ সাধাৰন সভাত কিশোৰ জয়ন্ত মাধৱক জ্যেষ্ঠ উপ-সভাপতি, মোহন চন্দ্ৰ বৰা, অৰূপ কুমাৰ কলিতা, কল্যাণী ডেকা, অন্তৰীপা বৰাক উপ সভাপতি,সমুদ্ৰ বুঢ়াগোহাঁইক কোষাধ্যক্ষ, প্ৰেমানন্দ খনিকৰ, জিতু বৰদলৈ, বিজয়া বৰদলৈ, প্ৰমিলা ৰংপিপীক যুটীয়া সম্পাদক, মৃনালজ্যোতি চহৰীয়া, সঞ্জিত পাণ্ডে, সুনিতা দাহাংগিয়াৰী, খুচবু শ্বাহ বৰাক সহকাৰী সম্পাদক, ৰণেন শৰ্মা, সঞ্জীৱ ৰাজ, চাৰ্জি টেৰণ, সঞ্জয় ক্ৰ’ , শ্ৰৱণী নাথ, মিনুময়ী নাথক কাৰ্যনিৰ্বাহক সদস্য, ৰাতুল আনছাৰী আৰু প্ৰিয়ংকা খাখলাৰীক এথলেটিক প্ৰতিনিধিৰূপেলৈ আগন্তুক কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহক সমিতিখন নিৰ্বাচিত কৰা হয় । ৰিৰ্টাণিং বিষয়া তথা অধিবক্তা জ্যোতিনাৰায়ণ শইকীয়াই ঘোষণা কৰা মতে বিনা প্ৰতিদ্বন্দিতাৰে অসম হকীৰ সমিতিখন গঠন হৈছে । অসম হকীৰ সভাপতি কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম অলিম্পিক সন্থাৰ সাধাৰন সম্পাদক লক্ষ্য কোঁৱৰো উপস্থিত থাকে । অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া ভৱজ্যোতি গোস্বামী পৰ্যবেক্ষকৰূপে থকা সভাত অসম হকীৰ সাংগঠনিক দিশকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ লগতে কেইবাখনো উপ সমিতি গঠন কৰা হয় আৰু অসমত শীঘ্ৰে এখন হকী একাডেমী গঠনৰ আলোচনা কৰে বুলিও জানিব পৰা গৈছে । তদুপৰি আগন্তুক আন্তঃজিলা হকী প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া স্থানসমূহো সভাতে নিৰ্ধাৰণ কৰা হৈছে । অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে জানিবলৈ দিয়ে যে, ছিনিয়ৰ আন্তঃজিলা (পুৰুষ-মহিলা) পশ্চিম কাৰ্বি আংলঙত, জুনিয়ৰ (পুৰুষ-মহিলা) গুৱাহাটীত , ছাৱ জুনিয়ৰ পুৰুষ হকী নগাঁৱত আৰু ছাৱ জুনিয়ৰ মহিলা হকী শদিয়াত আয়োজন কৰা হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments