Tuesday, October 4, 2022
HomeNewsহিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, গুৱাহাটীত হ'ব দুখনকৈ আই পি এলৰ মেচ

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, গুৱাহাটীত হ’ব দুখনকৈ আই পি এলৰ মেচ

অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত দুখনকৈ আই পি এলৰ মেচ হ’ব বুলি ঘোষণা কৰিলে। ডঃ শৰ্মাই নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এই কথা ঘোষণা কৰি বি চি চি আই’ৰ সম্পাদক পদত থকা শ্ৰী জয় শ্বাহক উত্তৰ পূবক এই সুবিধা দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক প’ষ্টটো

উল্লেখযোগ্য যে ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ এটা সজাতি দলে আহি বর্ষাপাৰা ষ্টেডিয়ামখন পৰিদৰ্শনো কৰি যায়। জানুৱাৰী ৫ তাৰিখে বর্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰত শ্ৰীলংকাৰ মাজৰ মেচখন বৰষুণৰ বাবে বাতিল কৰিব লগা হোৱা কথাই অসম ক্ৰিকেট সন্থাক বিতৰ্কৰ মাজলৈ লৈ গৈছিল। তেতিয়াৰ পৰা একাংশ সংবাদ মাধ্যমে বর্ষাপাৰাত পুনৰ মেচ অনুষ্ঠিত হোৱাক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল। আজি খোদ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাই আই পি এলক লৈ উদ্ভৱ হোৱা ইমান দিনৰ অনিশ্চয়তাৰ অৱসান ঘটালে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments