Monday, October 3, 2022
HomeNewsৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে উত্তৰ প্ৰদেশলৈ ৰাওনা অসমৰ জামাচাৰ দল

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে উত্তৰ প্ৰদেশলৈ ৰাওনা অসমৰ জামাচাৰ দল

অলিম্পিয়া প্ৰতিবেদন

উত্তৰ প্ৰদেশত পুনৰ উৰিব অসমৰ বিজয় নিচান । ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ৰাওনা অসমৰ জামাচাৰ দল । সমৰকলাত নিজৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সাজু খেলুৱৈৰ দল ।

উত্তৰ প্ৰদেশৰ বেনাৰসত ২৯ মাৰ্চ মঙ্গলবাৰৰ পৰা ৩১ মাৰ্চলৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় জমাচাৰ প্ৰতিযোগিতা । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা যোৱা সমৰকলাৰ খেলুৱৈৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিছে ৪ গৰাকী খেলুৱৈয়ে । খেলুৱৈসকল হ’ল– ৰিমঝিম গোহাঁই, হৃদয় দাস, ইছলাম আলি আৰু আৰিফ আলি । প্ৰশিক্ষকৰ দায়িত্বত আছে অৰূপ দাস আৰু নৃপেন ৰাভা । সেইদৰে দলটোৰ টীম মেনেজাৰৰ দায়িত্বত আছে জ্যেষ্ঠ সমৰকলা প্ৰশিক্ষক গমে থাপা ।
সোমবাৰে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা দলটো ৰাওনা হয় উত্তৰ প্ৰদেশ অভিমুখে । অসম এৰাৰ প্ৰাকমুহুৰ্তত কামৰূপ মেট্ৰৰ জামাচাৰ স্পৰ্টছ এছচিয়েচন অৱ আছামৰ সভাপতি ৰাজু দাস আৰু এছ’চিয়েচনৰ কাৰ্যবাহী সভাপতি গৌতম দাসে দলটোক গামোচাৰে সম্ভাষণ জনায় । দলটোৰ হৈ অসমবাসীৰ আৰ্শীবাদ বিচাৰিলে টীম মেনেজাৰ গমে থাপাই ।

ইতিমধ্যে মঙলবাৰে উত্তৰ প্ৰদেশত উপস্থিত হৈছে দলটো । অসমক গৌৰৱান্বিত কৰিব পৰাকৈ পদক অৰ্জন কৰিবলৈ সাজু হৈ পৰিছে অসমৰ জামাচাৰ দলটো ।
ইফালে অহা এপ্ৰিল মাহত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা “ইন্টাৰনেচনেল অল মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ”ৰ বাবে সাজু হোৱাৰ কথা দোহাৰিলে গমে থাপাই । ইয়াত অংশগ্ৰহণ কৰিব নেপাল, ভূটান, বাংলাদেশ আদিৰ দেশৰ সমৰকলা খেলুৱৈ সকলে ।

ক্ৰীড়া অনুৰাগীৰ আশা — উত্তৰ প্ৰদেশত জামাচাৰ খেলুৱৈসকলে দাঙি ধৰক উন্নত প্ৰদৰ্শন । পদক অৰ্জনৰে ক্ৰীড়াৰ ক্ষেত্রত অসমভূমিক কৰক গৌৰৱৰ ভাগিদাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments