Tuesday, October 4, 2022
HomeNewsউত্তৰ প্ৰদেশৰ বাৰাণসীত জমাচাৰ অসম দলৰ চমক : তিনি শতাধিক খেলুৱৈৰ মাজৰ...

উত্তৰ প্ৰদেশৰ বাৰাণসীত জমাচাৰ অসম দলৰ চমক : তিনি শতাধিক খেলুৱৈৰ মাজৰ পৰা আজুৰি আনিছে স্বৰ্ণসহ ৫ টাকৈ পদক

অলিম্পিয়া প্ৰতিবেদন

উত্তৰ প্ৰদেশৰ বাৰাণসীত জমাচাৰ অসম দলৰ চমক । তিনি শতাধিক খেলুৱৈৰ মাজৰ পৰা আজুৰি আনিছে স্বৰ্ণসহ ৫ টাকৈ পদক । এথলেটিকছতো সুন্দৰ টাইমিঙেৰে জিলিকিল ৰিমঝিম গোহাঁই ।

বিগত মাহৰ ২৯ ৰ পৰা ৩১ মাৰ্চলৈ উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হয় অষ্টম নেচনেল জমাছাৰ চেম্পিয়নশ্বিপৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীতা । উত্তৰ প্ৰদেশ জমাছাৰ সন্থাৰ উদ্যোগত আৰু জমাছাৰ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত অনুষ্ঠিত এই বৃহৎ টুৰ্ণামেন্টত সমাবেশ ঘটিল প্ৰায় ৩০০ গৰাকী প্ৰতিযোগীৰ । অসমৰ উপৰি দেখা গ’ল তামিলনাডু, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী, হাৰিয়ানা আদি স্থানৰ দুৰ্দান্ত খেলুৱৈক । প্ৰতিযোগীৰ ভিৰৰ মাজত জিলিকিল অসম জমাছাৰ দল । অসম দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত ৩ টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২ পদকেৰে মুঠ ৫ টা পদক উপহাৰ দিলে অসম মাতৃক । ইয়াৰে ৰাষ্ট্ৰীয় জমাছাৰত আৰিফ আলিৰ ১ টা স্বৰ্ণ, ইছলাম আলিৰ ১ টা ৰূপ, ৰিমঝিম গোহাঁইয়ে অৰ্জন কৰে ১ টাকৈ স্বৰ্ণ । ইফালে, ইন্টাৰনেচনেল গেমছৰ কুংফু ইভেন্টত হৃদয় দাসে দখল কৰিছে স্বৰ্ণ । সেইদৰে আন্তঃৰাষ্ট্ৰীয় ইভেন্টৰ ১০০ মিটাৰ দৌৰত মাত্র ১৩ ছেকেণ্ডত স্বৰ্ণ লাভেৰে ৰিমঝিম গোহাঁইয়ে গৌৰৱান্বিত কৰিলে অসমক ।

উল্লেখযোগ্য যে অসম দলটোৰ টীম মেনেজাৰৰ দায়িত্বত আছিল প্ৰসিদ্ধ গ্ৰেণ্ড মাষ্টাৰ গমে থাপা । দলৰ প্ৰশিক্ষক হিচাপে আছিল অৰূপ দাস আৰু নৃপেন ৰাভা ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমৰ জমাছাৰৰ এই বিজয়ধাৰা অক্ষুণ্ণ থাকক । দৌৰৰ ক্ষেত্ৰতো বিশ্বমুখী হওক ৰিমঝিম গোহাঁইৰ দৰে উদীয়মান প্ৰকিভা । আগন্তুক সময়তো এনে সাফল্য অৰ্জন কৰাৰ বাবে দলটোৰ লগত থাকিব অসমৰ ক্ৰীড়াপ্ৰেমীৰ মৰম আৰু আৰ্শীবাদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments