অলিম্পিয়া প্ৰতিবেদন
সদ্য প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ক্ৰীড়া পিতৃ উপাধি প্ৰদান কৰিলে অসম লন বলিং সন্থাই। আজি সন্থাৰ এটা প্ৰতিনিধি দলে শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলী যাঁচি শেষ শ্ৰদ্ধা জ্ঞাপন কৰি এই কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাতে ২০০৭ চনত অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া। সেই ৰাষ্ট্ৰীয় ক্ৰীড়াতে লন বলিঙক প্ৰথমবাৰৰ বাবে চামিল কৰা হৈছিল। তাৰেই কৃতজ্ঞতাৰ চিনস্বৰূপে সন্থাটোৱে তেওঁক এই সন্মান প্ৰদান কৰে।