Sunday, October 2, 2022
HomeNewsৰাজ্যত এতিয়াও বন্ধ শৰীৰচৰ্চা কেন্দ্ৰ; কি আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে

ৰাজ্যত এতিয়াও বন্ধ শৰীৰচৰ্চা কেন্দ্ৰ; কি আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে

অলিম্পিয়া বাৰ্তা

ৰাজ্যত এতিয়াও বন্ধ হৈ আছে শৰীৰ চৰ্চা কেন্দ্ৰসমূহ।দেশত পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ত জনজীৱন প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও শৰীৰ চৰ্চা কেন্দ্ৰসমূহ এতিয়াও খোলাৰ অনুমতি নিদিয়াক লৈ সৰ্বত্ৰে চৰ্চা হৈছে। ইতিমধ্যে এই লৈ শৰীৰ চৰ্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰী তথা ট্ৰেইনাৰসকল আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে ভাৰত্তোলন, শক্তিউত্তোলন, শৰীৰ চর্চা আদিৰ খেলুৱৈসকলে নিয়মিত অনুশীলনৰ পৰাও বঞ্চিত হৈ আহিছে।

কালি অল আছাম জিম ৱকাৰ্ছ এণ্ড এথলিট এছ’চিয়েচনে চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে শৰীৰচর্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলক আৰ্থিক সকাহ দিবলৈও চৰকাৰৰ ওচৰত আহ্বান জনায়।

শৰীৰ চর্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰী তথা ট্ৰেইনাৰ সকলে ভুগি থকা দুৰ্ভোগ সম্পৰ্কত এইবাৰ মুখ খুলিছে নগাঁওৰ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে তেওঁৰ ফেচবুক পেজৰ পৰা দিয়া এক বাৰ্তাত উল্লেখ কৰিছে যে শৰীৰ চৰ্চা কেন্দ্র সমূহৰ জৰিয়তে গাঁও তথা চহৰৰ বহু যুৱক যুৱতী স্বাৱলম্বী হৈ আছিল। তাৰোপৰি শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে কচৰতৰ প্ৰয়োজন আছে। তেনে স্থলত শৰীৰ চৰ্চা কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলে নিজ জিলাৰ উপায়ুক্ত অথবা প্ৰশাসনৰ সৈতে আলোচনা কৰি সামাজিক দূৰত্ব আৰু স্বাস্থ্যসন্মত বিধি মানি চলি শৰীৰ চৰ্চা কেন্দ্ৰসমূহ মুকলি কৰাৰ বাবে আগবাঢ়িব পাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments